নিউজ ডেস্ক, ১৮ জুন:বৃহস্পতিবাৰে আবেলি প্ৰায় ৩ বজাত জোনাই ৰেঞ্জ ডিভিজনৰ ৰেঞ্জাৰ মাখন ইছলামক ধেমাজি-চিলাপথাৰ পথত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । মাখন ইছলামে জোনাইৰ সন্দীপ দাসৰ পৰা ২ লাখ টকা ঘোচ লোৱাৰ সময়তে আৰক্ষী অধীক্ষক সুমীত শৰ্মাৰ নেতৃত্বত অসম এছিবি দলৰ দ্বাৰা মাখন ইছলামক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৰেঞ্জাৰজনক ।
সন্দীপ দাসে জোনাই চহৰত আচবাব নিৰ্মাণৰ ব্যৱসায় কৰে । আচবাব নিৰ্মাণ সংক্ৰান্তত সন্দীপ দাসে কেতিয়াবা অৰুণাচল প্ৰদেশলৈ যাবলগীয়া হয় আৰু পাচিঘাটৰ পৰা কাঠ লৈ আনে । ধেমাজি বন সংৰক্ষণ বিভাগে ট্ৰাকসমূহ নিজৰ জিম্মাত লয় ।AS-07C-2996নম্বৰৰ ট্ৰাকখনে কেতিয়াবা কেতিয়াবা সময়ে সময়ে উভতি যায় আৰু বাহন ধেমাজি ডিএফঅ কাৰ্যালয়লৈ লৈ যায় । ২২-০২-২০২০ত পাচিঘাটৰ পৰা চিলাপথাৰলৈ কাঠ লৈ যোৱা অৱস্থাত জোনাই বন বিভাগৰ ৰেঞ্জাৰ মাখন ইছলামে কাঠভৰ্তি ট্ৰাকখন নিজৰ জিম্মাত লয় যদিও অভিযোগকাৰীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ।
সন্দীপ দাসে নিজৰ ট্ৰাকখন ঘূৰাই লবলৈ মাখন ইছলামৰ সৈতে যোগাযোগ কৰাৰ পিছত মাখন ইছলামে ২ লাখ টকাৰ দাবী কৰে । এই সন্দৰ্ভত সন্দীপ দাসে ২৩-০৩-২০২০ত ধেমাজি জিলা ডিএফঅ চফিকুৰ ৰহমানক লগ ধৰি তেওঁক সকলো খুলি কয় । কিন্তু চফিকুৰ ৰহমানে উক্ত ঘটনা সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰি সন্দীপক মাখন ইছলামৰ সৈতে যোগাযোগ কৰিবলৈ ঘূৰাই পঠিয়ায় ।
সন্দীপ দাসে পুনৰ মাখন ইছলামৰ সৈতে যোগাযোগ স্থাপন কৰাত ৰেঞ্জাৰজনে পুনৰ সন্দীপৰ ২ লাখ টকাৰ দাবী কৰে । ২৪ মাৰ্চত লক ডাউন আৰম্ভ হোৱাৰ পিছত মাখন ইছলামে সন্দীপৰ পৰা জোনাইৰ বনপাল প্ৰদীপ দাসৰ মাধ্যমেৰে ১ লাখ ৬৫ হাজাৰ টকা ঘোচ লয় । জোনাইৰ সচেতন লোকে সন্দীপক এখন এজাহাৰ দাখিল কৰিবলৈ উপদেশ দিয়ে আৰু অপৰাধী নিয়ন্ত্ৰণ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ কয় ।