নেশ্যনেল ডেস্ক, ১৯ জুন : ৰাজধানী দিল্লীত শুকুৰবাৰে ২০ হাজাৰ লোকৰ কোভিড-১৯ৰ পৰীক্ষা সম্পন্ন হয় । এয়া হৈছে সমগ্ৰ দেশত এদিনত সম্পন্ন কৰা সৰ্বাধিক পৰীক্ষাৰ সংখ্যা । দিল্লী চৰকাৰৰ বিষয়ববীয়াই সদৰী কৰে এই কথা । আগন্তুক দিনত আৰু অধিক পৰীক্ষা সম্পন্ন কৰা হ'ব বুলি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইটযোগে জানিবলৈ দিয়ে ।
দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন - কোভিড-১৯ৰ ঘটনা
দিল্লী চৰকাৰৰ বিষয়ববীয়াই সদৰী কৰা মতে, ৰাজধানী দিল্লীত শুকুৰবাৰে ২০ হাজাৰ লোকৰ কোভিড-১৯ৰ পৰীক্ষা সম্পন্ন হয় । এয়া হৈছে সমগ্ৰ দেশত এদিনত সম্পন্ন কৰা সৰ্বাধিক পৰীক্ষাৰ সংখ্যা ।
![দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12:17:08:1592549228-7679612-339-7679612-1592547109522.jpg)
দিল্লীত ২০ হাজাৰ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্ন
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে সদৰী কৰা অনুসৰি, সম্প্ৰতি দিল্লীত মুঠ ৪৯,৯৭৯ টা কোভিড-১৯ৰ ঘটনা পোৱাৰ বিপৰীতে ১,৯৬৯ জন লোকৰ মৃত্যু হৈছে ।
লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ লগত গ'লে উচ্চপদত থাকিলোহেঁতেন : ৰকিবুল হুছেইন