শিলচৰ, ৪ জুন :বৰাকত বুধবাৰে ভূমিস্খলনত ২১ জন লোকৰ মৃত্যুৰ পিচৰ পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰাকৰ তিনিওখন জিলাৰ উপায়ুক্ত,এছ পি সহ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত উপায়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠকতো মিলিত হয় ৷
ভূমিস্খলনত পিচৰ পৰিস্থিতি বুজ ল'বলৈ শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী - সৰ্বানন্দ সোণোৱাল
আগন্তুক বানৰ সময়ত ল'ব লগা ব্যৱস্থাৰো বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷ বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ ৰাজদীপ ৰয় আৰু কৃপানাথ মাল্লা,আমিনুল হক লস্কৰো উপস্থিত থাকে ৷
![ভূমিস্খলনত পিচৰ পৰিস্থিতি বুজ ল'বলৈ শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী CM visited Silchar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:09-assam-silchar-cm-visite-7204759mp4-04062020165726-0406f-1591270046-805.jpg)
CM visited Silchar
মুখ্যমন্ত্ৰী সোণোৱালে বৈঠকত আগন্তুক বানৰ সময়ত ল'ব লগা ব্যৱস্হাৰো বুজ লয় ৷ বৈঠকত মুখ্যমন্ত্ৰীৰ লগতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য,সাংসদ ৰাজদীপ ৰয় আৰু কৃপানাথ মাল্লা,আমিনুল হক লস্কৰো উপস্থিত থাকে ৷ শিলচৰৰ পাছত কৰিমগঞ্জ আৰু হাইলাকান্দিলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীৰ ৷ কি প্ৰতিকূল বতৰৰ বাবে জিলা দুখনৰ যাত্ৰা বাতিল কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
লগতে চাওকঃ দ্বিতীয় বাৰলৈ একে স্থানতে আধাৰশিলা স্থাপন মাধৱদেৱ কলাক্ষেত্ৰৰ