নেশ্যনেল ডেস্ক, ২৬ জুন: লিথুৱানিয়ান (Lithuanian) আৰু কুৰ্দিছ (Kurdish)ৰ বৈজ্ঞানিকৰ দলে জানিবলৈ দিয়া মতে, measles, mumps আৰু rubella (MMR) ভেকচিনে শিশুসকলক কোভিড-১৯ৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে । পূৰ্বানুমান অনুসৰি, SARS-CoV-2 mumps আৰু rubella ভাইৰাছৰ ৩০ এমিন এচিডৰ অৱশিষ্টৰ অনুক্ৰম ভিত্তিত প্ৰস্তুত কৰা হৈছে ।
চীন, ইটালী আৰু দক্ষিণ কোৰিয়াৰ কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ বিস্তৃত সংখ্যা অনুসৰি, ১০ বছৰৰ কম বয়সৰ ল'ৰা-ছোৱালীৰ দেহত কম আৰু সামান্য পৰিমাণে এই ভাইৰাছে দেখা দিয়ে । গৱেষকসকলে আশ্বাস দিয়ে যে, MMR ভেকচিনৰ বাবে ল'ৰা-ছোৱালীৰ এণ্টিবডীয়ে কোভিড-১৯ক দেহত সংক্ৰমণ হোৱাত বাধাৰ সৃষ্টি কৰে ।