অসম

assam

ETV Bharat / headlines

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে? - ভাৰতীয় গ্ৰাহকসমূহ চীনা সামগ্ৰীৰ প্ৰতি আকৃষ্ট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “vocal for local” শীৰ্ষক অভিযানৰ জৰিয়তে ভাৰতবাসীক ভাৰতীয় সামগ্ৰী উৎপাদন কৰি চীনা সামগ্ৰী বৰ্জনৰ বাবে উৎসাহ যোগাইছে । কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, এই সময়ছোৱাত চীনা সামগ্ৰীক প্ৰাধান্য দিয়াৰ বিপৰীতে নিজ ঠাইতে সামগ্ৰী উৎপাদন কৰি সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত ।

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?
আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?

By

Published : Jun 12, 2020, 9:45 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: ভাৰত আৰু চীনৰ মাজত কোভিড-১৯ আৰু LAC সীমাৰ গতিৰোধৰ সময়তে পুনৰবাৰ চ'ছিয়েল মিডিয়াত চীনা সামগ্ৰী বৰ্জনৰ বিষয়টো চৰ্চালৈ আহিছে । যদিও এই বৰ্জনক লৈ পূৰ্বৰে পৰা আলোচনা চলি আছে, কোভিড-১৯ৰ এই ক্ষণতো আকৌ বিষয়টোৱে প্ৰাধান্য লাভ কৰিছে ।

আমি চীনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা শেষ কৰিব পাৰিম নে?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “vocal for local” শীৰ্ষক অভিযানৰ জৰিয়তে ভাৰতবাসীক ভাৰতীয় সামগ্ৰী উৎপাদন কৰি চীনা সামগ্ৰী বৰ্জনৰ বাবে উৎসাহ যোগাইছে । কেন্দ্ৰীয় উদ্যোগিক মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে, এই সময়ছোৱাত চীনা সামগ্ৰীক প্ৰাধান্য দিয়াৰ বিপৰীতে নিজ ঠাইতে সামগ্ৰী উৎপাদন কৰি সেই সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত ।

যদিও ভাৰতীয় বজাৰত চীনা সামগ্ৰীয়ে অধিক প্ৰাধান্য পায় তথাপিও যোৱা ৫ বছৰত কিছু সাল-সলনি হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে । স্মাৰ্টফোনৰ ক্ষেত্ৰত ভাৰতত বিক্ৰী হোৱা শীৰ্ষ ৫ টা স্মাৰ্টফোনৰ ভিতৰত ৪ টা চীনা নিৰ্মিত । কিন্তু চীনা সামগ্ৰী বৰ্জন কৰা মানেই স্মাৰ্টফোন বা চীনা ব্ৰাছক বৰ্জন কৰাতো নুবুজায় । ডাঙৰ ডাঙৰ চীনা স্মাৰ্টফোন কোম্পানীসমূহে ভাৰতত লাখৰো অধিক চাকৰিৰ পদ খালী কৰিছে । ভাৰতীয় বজাৰত চীনৰ এই হস্তক্ষেপক বাধা দিবলৈ সকলো ভাৰতীয়ই চীনৰ প্ৰৱেশ ৰোধ কৰিব লাগিব ।

চীনা সামগ্ৰীসমূহৰ মূল্য কম হোৱা হেতুকে ভাৰতীয় গ্ৰাহকসমূহ চীনা সামগ্ৰীৰ প্ৰতি আকৃষ্ট হয় । ভাৰতক ‘আত্মনিৰ্ভৰশীল ভাৰত’ হিচাপে পৰিচয় দিবলৈ সকলো ভাৰতীয়ই আত্মনিৰ্ভৰ হৈ কাম কৰিব লাগিব, সামগ্ৰী উৎপাদনত গুৰুত্ব দিব লাগিব ।

পূৰ্বতে অৰ্থাৎ ১৯৩০ চনত চীনে জাপানৰ সামগ্ৰী বৰ্জন কৰাত সফল হৈছিল, ২০০৩ চনত আমেৰিকাই ফ্ৰান্সৰ সামগ্ৰী সম্পূৰ্ণৰূপে বৰ্জনত সফল হৈছিল । যেনেদৰে দুয়েখন দেশে অসফলতাৰ পৰা সফলতা পাইছিল, ভাৰতো এদিন সফল হ'ব ।

লগতে পঢ়ক: বিক্ৰীৰ ওপৰত প্ৰাধান্য দিয়াৰ অৰ্থে বিত্তীয় আঁচনি ঘোষণা টয়টা কিৰ্লোস্কাৰৰ

ABOUT THE AUTHOR

...view details