অসম

assam

ETV Bharat / headlines

3 মে'ত ছবিগৃহত মুক্তি পাব "বৰনদী ভটিয়ায়" - মুক্তি পাব

মাজুলীৰ মানুহৰ জীৱন-ধাৰণ, বানপানী আলি বিষয় আদি উপস্থাপন কৰা হৈছে এই ছবিখনত ৷ 2 ঘন্টীয়া এই ছবিখনত 150 জনৰো অধিক চৰিত্ৰয়ে অভিনয় কৰিছে ৷

3 মে'ত ছবিগৃহত মুক্তি পাব "বৰনদী ভটিয়ায়" নামৰ ছবিখন

By

Published : Apr 23, 2019, 4:44 PM IST

গোলাঘাট , 23 এপ্ৰিল :আগন্তুক 3 মে'ত ছবিগৃহত মুক্তি লাভ কৰিব মাজুলীৰ ওপৰত নিৰ্মিত বৰনদী ভটিয়ায় নামৰ অসমীয়া ছবিখন ৷ ছবিগৃহ সমূহত অসমৰ ৰাইজে দেখা পাব কেইবাখনো নতুন মুখ ৷

3 মে'ত ছবিগৃহত মুক্তি পাব "বৰনদী ভটিয়ায়" নামৰ ছবিখন

ইতিমধ্যে 'ভাওৰীয়া দ্যা থিয়েটাৰ' পজিটিভ নামৰ মাজুলীৰ এটা নাট্যগোষ্ঠী, বৰনদী ভটিয়ায়ৰ পৰিচালক অনুপম কৌশিক বৰা আৰু বহু শিল্পীৰ গাঁঠিৰ ধনেৰে ছবিখনৰ চিত্ৰগ্ৰহণ সম্পন্ন হৈছে বুলি জনাই ছবি খনৰ কলা-কুশলী সকলে ৷ ইপিনে এই ছবিখনত মাজুলীৰ মানুহৰ জীৱন ধাৰণ, বানপানী আলি বিষয় আদি উপস্থাপন কৰা হৈছে বুলি কয় তেওঁলোকে৷ আনহাতে 2 ঘন্টীয়া এই ছবিখনত 150 জনৰো অধিক চৰিত্ৰয়ে অভিনয় কৰিছে ৷ কলা-কুশলী সকলে জনোৱা অনুসৰি মুখ্য চৰিত্ৰত অভিনয় কৰিছে কেইবাগৰাকীও আগশাৰীৰ অভিনেতায়ে ৷ ইপিনে ছবিখনৰ নিৰ্মাণত প্ৰায় 50 লাখ টকা ব্যয় হৈছে বুলি জনাই অভিনেতা ছবি খনৰ কলা-কুশলী সকলে ৷ ইয়াৰোপৰিও তেওঁলোকে আগন্তুক 3 ,4 আৰু 5 মে'ত ছবিগৃহলৈ ছবিখন চাবলৈ যাবলৈ ৰাইজক আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details