নেশ্যনেল ডেস্ক, ২০ জুন : হিমালয় সীমান্তৱৰ্তী এলেকাত চীনৰ ভাৰতৰ সৈতে সীমা বিবাদ হোৱাৰ উপৰিও শেহতীয়াকৈ লাডাখতো ভাৰতৰ সৈতে সীমা বিবাদ আৰম্ভ হয় । দুয়োখন দেশৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে,কিয়নো চীনা সৈন্যই বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা (LAC) পাৰ কৰি ভাৰতৰ মাটিত প্ৰৱেশ কৰিছে । সম্প্ৰতি পংগোং চ্যো,ডেমচক আৰু গালৱান ভেলীত ভাৰত আৰু চীনা সৈন্যৰ মাজত সংঘৰ্ষ অব্যাহত আছে । এই সংঘৰ্ষৰ ফলত গালৱান ভেলীত ২০ জন ভাৰতীয় সেনা জোৱান শ্বহীদ হয়। ইয়াৰ মাজতে চীনে ভাৰতক পূৱ লাডাখৰ গালৱান ভেলীৰ দাবী কৰে ।
বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা হৈছে ৩,৪৪০ কিলোমিটাৰ দৈৰ্ঘৰ এক সীমা, যিয়ে ভাৰত নিয়ন্ত্ৰণ ক্ষেত্ৰ আৰু চীন নিয়ন্ত্ৰণ ক্ষেত্ৰক পৃথক কৰি ৰাখিছে । যিহেতু এই বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা সীমান্তৰ বিভিন্ন অঞ্চলত অভাৰলেপিং হৈছে, সেয়েহে চীনে অবৈধভাৱে এই সীমাৰ সহায় লৈ ভাৰতৰ মাটি দখলত নামি পৰিছে । বাস্তৱিক নিয়ন্ত্ৰণ ৰেখা তিনিটা ভাগত বিভক্ত কৰা হৈছে-পশ্চিম,পূৱ আৰু মধ্য ক্ষেত্ৰ ।
পশ্চিম অঞ্চল উত্তৰ-পশ্চিম কাৰাকোৰামৰ পৰা ডেমচকলৈ ১,৫৭০ কিলোমিটাৰ আগুৰি আছে । ১৯৫০ চনৰ পৰা ভাৰত-চীনৰ মাজত অক্সাই চিন হৈছে সবাতোকৈ বিতৰ্কিত অঞ্চল । ইয়াৰ মাটিকালি কমেও ৩৮,০০০ বৰ্গ কিলোমিটাৰ । ১৯৫৭ চনত চীনে এই ক্ষেত্ৰভূমি দখল কৰে যদিও ভাৰতে দাবী কৰিছে যে, চীনে দখল কৰা এই অঞ্চল লাডাখৰ অন্তৰ্গত ভূমি । ১৯৬২ চনত চীনে তিব্বত আৰু শ্বিনজিয়াঙক সংলগ্ন কৰা এই অক্সাই চিনত এটা পথ নিৰ্মাণ কৰে । ডেমচক হৈছে ভাৰত-চীনৰ মাজত বিবাদিত ডেমচক অঞ্চলৰ এখন গাঁও আৰু সেনা চাউনী ।
বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ পূৱ অঞ্চল চিকিমৰ পৰা ম্যানমাৰলৈ ১,৩২৫ কিলোমিটাৰ আগুৰি আছে । ইয়াৰে অধিকাংশ বিবাদিত অঞ্চল অৰুণাচল প্ৰদেশত অৱস্থিত । কিন্তু প্ৰায় দশক ধৰি চীনে অৰুণাচল প্ৰদেশৰ নিজ সীমাত অন্তৰ্ভুক্তিৰ দাবী কৰি আহিছে । আচাফিলা হৈছে সোৱনশিৰি উচ্চ অংশত অৱস্থিত বনাঞ্চল, যিয়ে ১০০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে ।
১৯৬২ চনৰ ভাৰত-চীনৰ যুদ্ধৰ সময়ত উক্ত আচাফিলা অংশ চীনৰ আক্ৰমণৰ তালিকাত সোমাই পৰে । সম্প্ৰতি এই অঞ্চল কোনো এখন দেশৰ সীমাৰ ভিতৰত নপৰে । ওপৰ সোৱনশিৰিত অৱস্থিত লংগজু চীনৰ মিগয়িতুনত থকা চীনা সৈন্য চাউনীৰ বিপৰীত দিশত অৱস্থিত । ১৯৫৯ চনত এই অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে চীনৰ পিপলছ লিবাৰেছন আৰ্মী (PLA) আৰু আসাম ৰাইফলছৰ মাজত স্বতন্ত্ৰভাৱে সংঘৰ্ষ হৈছিল ।
ভাৰতে লংজুক পুনৰাই নিজৰ দখলত নলয় যদিও লংজুৰ পৰা ১০ কিলোমিটাৰ দক্ষিণে মাজা নামৰ ঠাইখনত চাউনী স্থাপন কৰে । নামকা চ্যু নদীৰ ভেলাৰ তাৱাঙৰ পৰা ৬০ কিলোমিটাৰ আগত অৱস্থিত আৰু ১৯৬২ চনত এই অঞ্চলৰ পৰাই ভাৰত-চীনৰ মাজত যুদ্ধৰ সূত্ৰপাত হৈছিল । আনহাতে, চুমদোৰোং চ্যু তাৱাং জিলাৰ কেও ফো অঞ্চলৰ নামকা চ্যু নদীৰ পূৱ দিশৰ এখন নদী । ১৯৮৬ চনত চীনা সৈন্যই এই অঞ্চল নিজৰ দখলত লবলৈ সক্ষম হৈছিল । ইয়াৰ প্ৰতিশোধ স্বৰূপে ভাৰতে একেটা বৰ্ষতে তাৱাং জিলাৰ অন্তৰ্গত উত্তৰাৰ্ধত থকা যাংগস্ত অঞ্চল নিজৰফলীয়া কৰি লয় ।
বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ মধ্য অঞ্চল ডেমচকৰ পৰা নেপাললৈ ৫৪৫ কিলোমিটাৰ ক্ষেত্ৰফল আগুৰি আছে । এই অঞ্চলে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডক চুই গৈছে । এই অঞ্চলে উত্তৰাখণ্ডৰ চমোলী জিলাৰ চাৰণভূমিকো সাঙুৰি লৈছে । তাৎপৰ্যপূৰ্ণভাৱে এই অঞ্চলতো চীনৰ দখলৰ চেষ্টাৰ ইতিহাস জড়িত হৈ আছে ।