নেশ্যনেল ডেস্ক, ১৮ জুন :উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত এগৰাকী ৬০ বছৰীয়া লোকৰ মৃতদেহক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । পথৰ দাঁতিত তিনি ঘণ্টা সময় ধৰি পৰি থকা লোকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি লোকজন কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হয় ।
বিষয়ববীয়াই জনোৱা মতে,মৃত লোকজন লিয়াকত বুলি চিনাক্ত কৰা হৈছে, যিজনে মুম্বাইত এজন হেয়াৰড্ৰেচাৰ হিচাপে কাম কৰিছিল আৰু কিছুদিন পূৰ্বে তেওঁ শ্বাহজাহানপুৰৰ তিলহৰলৈ উভতি আহিছিল । লিয়াকতে মঙলবাৰে নিজ ভতিজীক লগ ধৰিবলৈ গৈ থকা অৱস্থাত উশাহ লোৱাত অসুবিধা পাই মাজবাটতে পৰি মৃত্যু হয় । লিয়াকতে কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।