অসম

assam

ETV Bharat / headlines

কোভিড-১৯: দিল্লীৰ চাফাই কৰ্মীক সুৰক্ষা প্ৰদান আপ চৰকাৰ আৰু নগৰ নিগমৰ - চাফাই কৰ্মীসকলক চাৰ্জিকেল তথা এন-৯৫ মাস্ক পৰিধান

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিমা কোহলী আৰু সুব্ৰমণিয়াম প্ৰসাদৰ বিচাৰপীঠে এইটো সদৰী কৰে যে,আপ চৰকাৰ আৰু তিনিও নগৰ নিগমে কোভিড-১৯ৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিৰ্দেশনাসমূহ পালন কৰি আছে ।

 দিল্লীৰ চাফাই কৰ্মীক সুৰক্ষা প্ৰদান আপ চৰকাৰ আৰু নগৰ নিগমৰ
দিল্লীৰ চাফাই কৰ্মীক সুৰক্ষা প্ৰদান আপ চৰকাৰ আৰু নগৰ নিগমৰ

By

Published : Jun 11, 2020, 9:02 PM IST

নেশ্যনেল ডেস্ক, ১১ জুন: ৰাজধানী দিল্লীত আপ চৰকাৰ আৰু নগৰ নিগমে কোভিড-১৯ৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি চাফাই কৰ্মচাৰীসকলৰ সুৰক্ষাত পৰ্যাপ্ত পৰিমাণে গুৰুত্ব প্ৰদান কৰিছে । বৃহস্পতিবাৰে দিল্লী উচ্চ ন্যায়ালয়ে সদৰী কৰে এই কথা । লগতে,ন্যায়াধীশ হিমা কোহলী আৰু সুব্ৰমণিয়াম প্ৰসাদৰ বিচাৰপীঠে এইটো সদৰী কৰে যে,আপ চৰকাৰে বিশ্ব স্বাস্থ্য সংস্থাৰ নীতি-নিৰ্দেশনাসমূহো পালন কৰি আছে ।

দিল্লীৰ চাফাই কৰ্মীক সুৰক্ষা প্ৰদান আপ চৰকাৰ আৰু নগৰ নিগমৰ

উচ্চ ন্যায়ালয়ে আপ চৰকাৰ আৰু তিনিওখন নগৰ নিগমক দিল্লীৰ চাফাই কৰ্মচাৰীৰ সংখ্যা আৰু তেওঁলোকে ব্যৱহাৰ কৰা পিপিই কিটৰ সংখ্যাৰ হিচাপ দিবলৈ আদেশ দিছিল । বিচাৰপীঠে সদৰী কৰা মতে, পিপিই কিটসমূহ সকলো চাফাই কৰ্মীয়ে ব্যৱহাৰ কৰি আছে আৰু এবাৰ ব্যৱহাৰৰ পিছত কিটসমূহ পেলাই দিয়া হৈছে । চাফাই কৰ্মীসকলক চাৰ্জিকেল তথা এন-৯৫ মাস্ক পৰিধান কৰোৱা হয় বুলি বিচাৰপীঠে উল্লেখ কৰে । উচ্চ ন্যায়ালয়ে চাফাই কৰ্মীসকলক চাফাই কামত ৰাসায়নিক কীটানুনাশক দ্ৰব্য ব্যৱহাৰ নকৰিবলৈ আদেশ দিয়ে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ হাতত মৃত্যু ৬৮ জন সন্ত্ৰাসবাদীৰ

ABOUT THE AUTHOR

...view details