অসম

assam

ETV Bharat / entertainment

লাইভত মুনাৱাৰ ফাৰুকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ প্ৰাক্তন প্ৰেমিকা নাজিলাৰ - মুনাৱাৰ ফাৰুকীৰ প্ৰেমিকা নাজিলা

Bigg Boss 17 Munawar Faruqui: বিতৰ্কৰ মাজত সোমাই পৰিছে ষ্টেণ্ডাপ কমেডিয়ান মুনাৱাৰ ফাৰুকী । মুনাৱাৰৰ বিৰুদ্ধে শেহতীয়াকৈ আয়েশা খানে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । এতিয়া নাজিলা সীতাশীয়েও মুনাৱাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে । সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

WATCH: 'It's a shame, people making fun of my personal life', says Munawar Faruqui's ex Nazila Sitaishi after Ayesha Khan exposes him on Bigg Boss 17
লাইভত মুনাৱাৰ ফাৰুকীৰ বিষয়ে কি ক’লে প্ৰাক্তন প্ৰেমিকা নাজিলাই

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:55 PM IST

চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: বিগ বছ ১৭ ৰ প্ৰতিযোগী মুনাৱাৰ ফাৰুকীৰ প্ৰেমৰ সম্পৰ্কই সম্প্ৰতি বাতৰিৰ শিৰোনাম দখল কৰিছে । শেহতীয়াকৈ আয়েশা খানে শ্ব’টোত ৱাইল্ড কাৰ্ড হিচাপে অংশগ্ৰহণ কৰিছে । আয়েশাই শ্ব’টোত এন্ট্ৰি কৰিয়েই মুনাৱাৰৰ বিৰুদ্ধে ডাবল ডেটিং-চিটিঙৰ অভিযোগ উত্থাপন কৰে । মুনাৱাৰেও এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ চেষ্টা কৰে আৰু লগতে স্বীকাৰ কৰে যে তেওঁ নাজিলা সীতাশীৰ সৈতে সম্পৰ্ক থকাৰ অভিনয় কৰিছিল ।

ইফালে মঙলবাৰে মুনাৱাৰৰ প্ৰাক্তন প্ৰেমিকা নাজিলা সীতাশীয়ে ছ’চিয়েল মিডিয়াত লাইভ আহি মুনাৱাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰিছে । নাজিলাই কয় যে মুনাৱাৰৰ সৈতে তেওঁৰ এতিয়া কোনো সম্পৰ্ক নাই ।

নাজিলা সীতাশীয়ে লাইভত কয়, ‘‘মই সেই ব্যক্তিজনক সন্মান কৰিছিলো আৰু ৰাজহুৱা মঞ্চত আমাৰ সম্পৰ্কৰ বিষয়ে একো কোৱা নাছিলো । কিন্তু শ্ব’টোত মোৰ বিষয়ে কিছুমান কথা কোৱা হৈছিল যিবোৰ সঁচা নহয় । মই অনুভৱ কৰোঁ যে মোৰ বিষয়ে মই অনলাইনত আহি স্পষ্ট কৰি দিয়াৰ অধিকাৰ আছে । আয়েশা আৰু মুনাৱাৰৰ সম্পৰ্কৰ বিষয়ে মই জনা নাছিলো ।’’

নাজিলাই লগতে কয়, ‘‘মোক সম্পূৰ্ণ বেলেগ কাহিনী কোৱা হৈছিল । মোক বিশ্বাস দিছিল যে মই একমাত্ৰ ছোৱালী যাক তেওঁ ভাল পায় । তেওঁৰ জীৱনত আন কোনো ছোৱালী নাছিল বুলি কৈছিল ৷ কিন্তু এয়া আছিল সম্পূৰ্ণ মিছা কথা । তেওঁ আন বহু ছোৱালীৰ লগতো সম্পৰ্কত আছিল, যাৰ বিষয়ে মই একো ক’ব নোখোজো । মই ভাবো এইবোৰ কথা ব্যক্তিগত আৰু ব্যক্তিগত হৈ থকাটোৱে উচিত । যদিহে কেৱল আয়েশাই ইয়াৰ লগত জড়িত হ’লহেঁতেন তেন্তে মই তাক হয়তো ক্ষমা কৰাৰ কথা ভাবিব পাৰিলোহেঁতেন, কিন্তু আন বহু ছোৱালীও জড়িত হৈ আছে গতিকে মই সেয়া কৰিব নোৱাৰো । মই বিচাৰো মানুহে এইবোৰ কথাত যাতে গুৰুত্ব নিদিয়ে । আজিৰ খণ্ডটো চোৱাৰ পিচত মুনাৱাৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই ।’’

নাজিলাই আৰু কয়, ‘‘এই সকলোবোৰ কথা ৰাজহুৱাকৈ ওলাই অহাটো লজ্জাজনক কথা । মানুহে মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছে । মই তেনেকুৱা হোৱাটো নিবিচাৰো । এই সম্পৰ্কৰ পৰা মই আগবাঢ়িছো আৰু মুনাৱাৰৰ লগত মোৰ আৰু কোনো সম্পৰ্ক নাই । শ্ব’টোত যি দেখুওৱা হৈছে সেয়া গোটেই কাহিনীটো নহয় । এইটো মাত্ৰ তেওঁৰ আৰ্হি যিটো তেওঁ প্ৰতিটো সম্পৰ্কতে অনুসৰণ কৰে । সেই ব্যক্তিজনক মই ক্ষমা কৰিব নিবিচাৰো ।’’

লগতে পঢ়ক:বিতৰ্কত মুনাৱাৰ ফাৰুকী, সমৰ্থনত আগবাঢ়ি আহিল অনুৰাগী

ABOUT THE AUTHOR

...view details