অসম

assam

By

Published : Jan 3, 2023, 1:19 PM IST

ETV Bharat / entertainment

Salman Khan fan: ভাইজানক লগ কৰিবলৈ ১১০০ কিলোমিটাৰ চাইকেল চলাই মুম্বাই পালেহি এজন অনুৰাগী

ছলমান খানৰ এজন অনুৰাগীয়ে শেহতীয়াকৈ মধ্যপ্ৰদেশৰ পৰা চাইকেল চলাই মুম্বাইলৈ আহিছিল কেৱল ভাইজানক লগ কৰিবলৈ ৷ ১১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি আহিছিল অনুৰাগীজনে ৷ সৌভাগ্যক্ৰমে সেইদিনা ছলমান খান ঘৰতে থকাত লগ কৰিবলৈ সুবিধাও পাইছিল অনুৰাগীজনে (Salman Khan fan) ৷

Viral Pic: Salman Khan Poses With Fan Who Cycled 1,100 km To Meet Him
ছলমান খানৰ অনুৰাগীৰ সৈতে ছলমানৰ ফটো

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী: অলপতে মধ্যপ্ৰদেশৰ জবলপুৰৰ বাসিন্দা তথা ছলমান খানৰ এজন অনুৰাগীয়ে ছুপাৰষ্টাৰগৰাকীক লগ কৰাৰ আগ্ৰহেৰে চাইকেল চলাই মুম্বাইলৈ যাত্ৰা কৰিছিল । নিজকে ছলমান খানৰ এজন "দিৱানা" বুলি অভিহিত কৰা যুৱকজনে চাইকেলেৰে প্ৰায় ১১০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি নিজৰ আইডলগৰাকীক লগ পাবলৈ সক্ষম হয় (Salman Khan fan covers 1100 km on cycle)। অনুৰাগীগৰাকীৰ সৌভাগ্য যে, সেইদিনা ছলমান খান তেওঁৰ বাসগৃহতে উপস্থিত আছিল আৰু অৱশেষত অনুৰাগী যুৱকজনে ছুপাৰষ্টাৰগৰাকীৰ সৈতে অতি সুন্দৰভাৱে মত বিনিময় কৰিবলৈ সুযোগ পাইছিল ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এখন ফটোত অভিনেতা ছলমান খানে "বিয়িং হিউমেন" লিখিত চাইকেলখনৰ লগত যুৱকজনৰ সৈতে এটা পোজ দি থকা দেখা গৈছে (Salman Khan viral pic with fan) । ইনষ্টাগ্ৰামত ছলমানৰ এটা ফেন পেজে পোষ্ট কৰা ছবিখনৰ কেপচনত উল্লেখ কৰা হৈছে, ‘জবলপুৰৰ বাসিন্দা সমীৰে মেগাষ্টাৰক লগ কৰিবলৈ ১১০০ কিলোমিটাৰ পেডেল মাৰি মুম্বাইলৈ গৈছিল (Salman Khan meets Jabalpur fan)।

ফটোখনত ছলমানৰ অনুৰাগী যুৱকজনৰ দুচকীয়া চাইকেলখনত আৰি ৰখা এখন বৰ্ডত লিখা আছিল, "Chalo unko duwaae dete chale. Jabalpur to Mumbai, dewaana mai chala."

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছতে ফটোখনে ৪৫০০ ৰো অধিক লাইক আৰু হাজাৰটা কমেন্ট লাভ কৰিছে । এজন ইনষ্টা ব্যৱহাৰকাৰীয়ে লিখিছে"ভাই কি দিৱাংগী" (Bhai Ki diwangi) । আন এজনে উল্লেখ কৰিলে এনেদৰে, ছলমান খানৰ বলীউডত The Most Loyal & Deewangi type Fans আছে।

যোৱা সপ্তাহত ছলমান খানৰ জন্মদিন আছিল (Salman Khan 57th Birthday) ৷ ছলমান খানে তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এখন ফটো শ্বেয়াৰ কৰিছিল ৷ ধূসৰ ৰঙৰ টি-চাৰ্ট পিন্ধা এখন ফটো শ্বেয়াৰ কৰিছিল তেওঁ ৷ ফটোখনৰ কেপচনত লিখিছিল সকলোকে ধন্যবাদ ।

অভিনেতাগৰাকীয়ে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ বাবেও এক আড়ম্বৰপূৰ্ণ জন্মদিনৰ আয়োজন কৰে । পাৰ্টিত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খান, ইউলিয়া ভান্টুৰ, টাবু, পূজা হেগড়ে, সংগীতা বিজলানী, সোনাক্ষী সিনহা, কাৰ্তিক আৰিয়ান আদিয়ে অংশগ্ৰহণ কৰিছিল ।

ইফালে কৰ্মক্ষেত্ৰত অভিনেতাগৰাকীক শেষবাৰৰ বাবে দেখা গৈছিল ‘অণ্টিম’ত ছবিত । ইয়াৰ পিছত তেওঁক পূজা হেগড়ে, শ্বেহনাজ গিল আৰু ভেংকটেশ ডাগ্গুবাটিৰ সৈতে ‘কিছি কা ভাই কিচি কি জান’, আৰু কেটৰিনা কাইফৰ সৈতে ‘টাইগাৰ ৩’ ছবিত দেখা যাব ।

লগতে পঢ়ক:Tunisha sharma death case: তুনিষাক হিজাব পৰিধান কৰিবলৈ বাধ্য কৰা নাছিল শ্বীজানৰ পৰিয়ালে !

ABOUT THE AUTHOR

...view details