চিটাৰা ডেস্ক, 31 অক্টোবৰ:নিজৰ অদ্ভুত সাজপাৰৰ বাবে জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী উৰ্ফী জাভেদ আজি কোনো পৰিচয়ৰ ওপৰত নিৰ্ভৰশীল নহয় ৷ প্ৰায়ে অভিনেত্ৰীগৰাকীয়ে নিজৰ সাজপাৰৰ বাবে ছ’চিয়েল মিডিয়াত টেণ্ডিঙত থাকে ৷ মানুহে ভাবিব নোৱৰা বস্তুৰে সাজ বনাই পৰিধান কৰে উৰ্ফীয়ে ৷ অৱশ্যে উৰ্ফীৰ সাজপাৰৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হ’বলগীয়া হয় অভিনেত্ৰীগৰাকী ৷ কিন্তু অভিনেত্ৰীগৰাকীয়ে সমালোচনাত গুৰুত্ব নিদি নিজৰ কাম কৰি গৈ থাকে ৷
এতিয়া আকৌ নিজৰ নতুন সাজৰ বাবে চৰ্চালৈ আহিছে উৰ্ফী ৷ দৰাচলতে উৰ্ফী জাভেদে শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল ৷ য’ত উৰ্ফীয়ে অক্ষয় কুমাৰৰ অভিনীত ছবি ‘ভুল ভুলাইয়া’ত’ ‘ছোটা পণ্ডিত’ৰ চৰিত্ৰত অভিনয় কৰা ৰাজপাল যাদৱৰ লুকটো হুবহু পুনৰ সৃষ্টি কৰিছিল । কিন্তু উৰ্ফীৰ এই ভিডিঅ’টোৱে যেন এতিয়া উৰ্ফীৰ বাবে মাতি আনিছে বিপদ । হয়, ‘ছোটা পণ্ডিত’ৰ দৰে হুবহু সাজপাৰ পৰিধান কৰাৰ বাবে উৰ্ফীয়ে মৃত্যুৰ ভাবুকি লাভ কৰিছে । অৱশ্যে এই ভাবুকিৰ বিষয়ে অভিনেত্ৰীগৰাকীয়ে অৱগত কৰিছে আৰক্ষীক ।
ৰাজপথত গুলীয়াই হত্যা কৰাৰ ভাবুকি উৰ্ফীক