অসম

assam

ETV Bharat / entertainment

Urfi Javed: হোটেলৰ মেনেজাৰৰ সৈতে বাক বিতণ্ডাত লিপ্ত হ’ল উৰ্ফী, কিন্তু কিয় ?

মঙলবাৰে উৰ্ফী জাভেদে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

By

Published : Apr 26, 2023, 3:59 PM IST

Uorfi Javed gets into heated argument with hotel manager for denying entry over her fashion choices, netizens call it publicity stunt
এইবাৰ হোটেলৰ কৰ্মচাৰীৰ সৈতে উৰ্ফী জাভেদৰ কাজিয়া

চিটাৰা ডেস্ক, 26 এপ্ৰিল: ছ’চিয়েল মিডিয়াৰ চেন্সেশন তথা অভিনেত্ৰী উৰ্ফী জাভেদ নিজৰ অদ্ভূত ফেশ্বনৰ বাবে প্ৰায়ে চৰ্চাত থাকে ৷ কেৱল ইমানেই নহয়, নিজৰ অদ্ভূত ফেশ্বনৰ লগতে যিকোনো বিষয়ত ব’ল্ড ষ্টেটমেন্ট দিয়াৰ বাবেও চৰ্চিত উৰ্ফী ৷ মুঠৰ ওপৰত উৰ্ফী আৰু বিতৰ্ক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷

শেহতীয়াকৈ উৰ্ফী জাভেদে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বিষয়ে নিজৰ হতাশাৰ কথা প্ৰকাশ কৰে ৷ ইনষ্টাগ্ৰাম ষ্ট’ৰীত উৰ্ফীয়ে ৰেষ্টুৰেণ্টখনৰ বিষয়ে লিখিছে ৷ দৰাচলতে উৰ্ফীৰ সাজ-পোছাকৰ বাবেই ৰেষ্টুৰেণ্টখনৰ ভিতৰলৈ যাব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে উৰ্ফীয়ে (Urfi denied entry to mumbai restaurant)।

এইবাৰ হোটেলৰ কৰ্মচাৰীৰ সৈতে উৰ্ফী জাভেদৰ কাজিয়া

ঘটনাৰ বিৱৰণী অনুসৰি, টেবুল বুকিং হোৱাৰ পিচতো মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ঘূৰাই পঠিওৱা হৈছিল উৰ্ফীক । অভিনেত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত ৰেষ্টুৰেণ্টখনৰ বিষয়ে লিখিছে, "সঁচাকৈয়ে আধুনিক যুগৰ মুম্বাই নেকি এইখন ? আজি এখন ৰেষ্টুৰেণ্টে মোক ভিতৰলৈ সোমাবলৈ দিয়াত অস্বীকাৰ কৰিছে । মোৰ ফেশ্বন চয়ছবোৰ আপুনি ভাল পাব নালাগে, কিন্তু ইয়াৰ বাবে মোক শাস্তি দিয়াটো ঠিক নহয় । যদি মোৰ কাপোৰৰ বাবে মোক শাস্তি দিয়া হৈছে । তেন্তে অজুহাত দেখুৱাব নালাগে । সেই কথা স্পষ্টকৈ ক’ব লাগে ৷ মই বিৰক্ত হৈ পৰিছো ! চাওকচোন, অনুগ্ৰহ কৰি । মুম্বাই @zomato ৷ ’

ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে নেটিজেনে কমেণ্টত নিজৰ মতামত শ্বেয়াৰ কৰা দেখা যায় (Urfi gets into heated argument) । উৰ্ফী আৰু ৰেষ্টুৰেণ্টৰ ব্যৱস্থাপকৰ লগত হোৱা বাক বিতণ্ডাৰ এই ভিডিঅ’টোক একাংশই নাটক বুলি আখ্যা দিয়ে ৷ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘১১০% চিত্ৰনাট্য লিখিছে, বহুত বেয়া অভিনয় কৰিছে দুয়োগৰাকীয়ে, মই ভাবিছিলো ব্যৱস্থাপকগৰাকীয়ে ভাল অভিনয় কৰিব ৷ কিন্তু নাই নোৱাৰিলে ৷’’

এইবাৰ হোটেলৰ কৰ্মচাৰীৰ সৈতে উৰ্ফী জাভেদৰ কাজিয়া

আন এজনে মন্তব্য কৰিছে, ‘‘যিসকলে ইয়াক বাস্তৱ বুলি ভাবে তেওঁলোকৰ বাবে মাত্ৰ ১ ছেকেণ্ডৰ মৌনতা ৷’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘অপ্ৰয়োজনীয় ড্ৰামা কৰিছে ! উৰ্ফি জাভেদ বুলিয়েই কিয় ঠাই দিব ?’’

ইয়াৰ পূৰ্বে উৰ্ফীয়ে দাবী কৰিছিল যে নীৰজ পাণ্ডেৰ কাৰ্যালয়ে তেওঁক ভাবুকিমূলক বাৰ্তা দি ফোন কৰি আহিছে । উৰ্ফীয়ে ক’লে, "অতি অসুস্থ আৰু মই থানালৈ যাবলগীয়া হ’ল কাৰণ, আকৌ এবাৰ কোনোবাই ফোন কৰি মোক হাৰাশাস্তি কৰিবলৈ ধৰিছে, মোৰ কাপোৰৰ বাবেই মোক আঘাত কৰিব বুলি ভাবুকি প্ৰদান কৰিছে ৷ আনকি তেওঁলোকে মোৰ বাহনৰ নম্বৰো গম পালে, গতিকে ভাগৰি পৰিছো ।"

লগতে উৰ্ফীয়ে লিখিছে, ‘‘মোৰ জীৱনলৈ আপোনাক স্বাগতম । মই সাধাৰণতে এই ফোনবোৰক আওকাণ কৰো, কিন্তু এইবাৰ তেওঁলোকে মোৰ গাড়ীৰ নম্বৰটো জানিছিল, প্ৰথমে মোক মিটিং লৈ মাতিছিল ফোন কৰি আৰু তাৰ পিচত যেতিয়া মই গম পালোঁ যে, এইবোৰ কেলেংকাৰী, তেতিয়া তেওঁলোকে মোক ভাবুকি দিছিল আৰু এই সকলোবোৰ সংঘটিত হৈছিল যেতিয়া মই সঁচাকৈয়ে অসুস্থ হৈ আছিলো ।’’

উল্লেখ্য যে, উৰ্ফী এগৰাকী সুপৰিচিত অভিনেত্ৰী আৰু ১৯ বছৰ বয়সৰ পৰাই বহুকেইখন টিভি ধাৰাবাহিকত অভিনয় কৰি আহিছে যদিও ৰিয়েলিটি শ্ব’ বিগ বছ অ’টিটি আৰু এমটিভি স্পিলটছভিলাৰ ১৪ সংখ্যক ছিজনত উৰ্ফীৰ অভিনয় উৎকৃষ্ট বুলি কয় অনুৰাগীয়ে (Urfi javed viral video)।

লগতে পঢ়ক:Delhi HC Order On Jawan: ছ’চিয়েল মিডিয়া প্লেটফৰ্মক জৱান ছবিৰ ক্লিপ আঁতৰাবলৈ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে

ABOUT THE AUTHOR

...view details