অসম

assam

ETV Bharat / entertainment

Actor Lew Palter passes away : টাইটানিকৰ অভিনেতা লিউ পালটাৰ আৰু নাই - Titanic actor Lew Palter

টাইটানিকৰ অভিনেতা লিউ পালটাৰৰ ৯৪ বছৰ বয়সত মৃত্যু । কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী । যোৱা ২১ মে'ত লছ এঞ্জেলছস্থিত তেওঁৰ বাসগৃহত মৃত্যু হয় ।

Actor Lew Palter passes away
টাইটানিকৰ অভিনেতা লিউ পালটাৰ আৰু নাই

By

Published : Jun 27, 2023, 11:12 AM IST

চিটাৰা ডেস্ক,২৭ জুন :হলীউডৰ প্ৰবীণ অভিনেতা লিউ পালটাৰৰ ৯৪ বছৰ বয়সত মৃত্যু হয় । জেমছ কেমেৰুণৰ জনপ্ৰিয় বোলছবি 'টাইটানিক'ত অভিনয় কৰিছিল লিউ পালটাৰে । খবৰ অনুসৰি ২১ মে'ত হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ পালটাৰৰ মৃত্যু হৈছিল । শেহতীয়াকৈ তেওঁৰ পৰিয়ালে এই কথা প্ৰকাশ কৰিছে ।

জনপ্ৰিয় বোলছবি 'টাইটানিক'কে ধৰি হলীউডৰ কেইবাখনো গুৰুত্বপূৰ্ণ ছবিত তেওঁ অভিনয় কৰিছিল । ১৯৮১ চনৰ 'ফাৰ্ষ্ট মানডে ইন অক্টোবৰ' ছবিখনত তেওঁ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ চৰিত্ৰত অভিনয় কৰিছিল । একেদৰে তেওঁ অভিনয় কৰা ছবিবোৰৰ ভিতৰত দ্য ফ্লাইং নুন, হিল ষ্ট্ৰীট ব্লুছ আৰু এল এ ল' আদিতো তেওঁক একেধৰণৰ চৰিত্ৰত দেখা গৈছিল । অৱশ্যে টাইটানিক ছবিখনৰ দ্বাৰা তেওঁ যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল ।

তেওঁ ১৯৭৬-৭৭ চনৰ চিবিএছ শৃংখলা ডেলভেচ্চিঅ'ত জুড হিৰ্চ নামেৰে এগৰাকী এলএপিডি ডিটেকটিভৰ চৰিত্ৰত অভিনয় কৰিছিল । পালটাৰে ১৯৭১ চনত কেলআৰ্টছত যোগদান কৰিছিল আৰু ২০১৩ চনত অৱসৰলৈকে ছাণ্টা ক্লাৰিটা বিদ্যালয়ত এগৰাকী কাৰ্যকৰী শিক্ষক আৰু পৰিচালক হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল । কিন্তু তেওঁ ব্যক্তিগত কৰ্মশালাও অনুষ্ঠিত কৰিছিল আৰু এডিনবাৰ্গ আৰু কাৰ্নেগী মেলন আৰু ইউচিএলএকে ধৰি সমগ্ৰ দেশৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তত অধ্যাপনা কৰিছিল ।

লিউৱে অভিনয় ভাল পাইছিল আৰু তেওঁৰ শিক্ষাৰ্থীসকলকো এই ক্ষেত্ৰত উৎসাহিত কৰিছিল । অভিনেতাগৰাকীৰ মৃত্যুত কেলআৰ্টছ স্কুল অৱ থিয়েটাৰেও শোকবাৰ্তা প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে ১৯২৮ চনৰ ৩ নৱেম্বৰত লিয়ন লিউ পালটাৰৰ জন্ম গ্ৰহণ কৰিছিল । তেওঁ টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে, তাৰ পাচত আলফ্ৰেড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু নৰ্থ ৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা থিয়েটাৰত পিএইচডি ডিগ্ৰী অৰ্জন কৰে । ইয়াৰ মাজতে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীতো সেৱা আগবঢ়াইছিল । লিউৰ মৃত্যুত মৰ্মাহত হলীউড । হলীউডৰ তাৰকাসকলে জ্যেষ্ঠ অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Prithviraj Sukumaran Injured: দৃশ্যগ্ৰহণৰ সময়ত আহত হয় মালয়ালম অভিনেতা পৃথ্বীৰাজ সুকুমাৰন

ABOUT THE AUTHOR

...view details