অসম

assam

By

Published : Feb 18, 2023, 3:12 PM IST

ETV Bharat / entertainment

Mahashivratri 2023: টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

দেৱো কে দেৱ মহাদেৱৰ পৰা ওম নমঃ শিৱায়লৈকে টেলিভিছন শ্ব'ত এই টিভিৰ অভিনেতাসকলে ভগৱান শিৱৰ চৰিত্ৰত অতি সুন্দৰ অভিনয় কৰা দেখা গৈছিল ৷ যাৰবাবে এই অভিনেতাসকলক বাস্তৱতো দৰ্শকে মহাদেৱ বুলি গণ্য কৰিছিল ৷

These Actors who have played Lord Shiva on TV
টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

চিটাৰা ডেস্ক, 18 ফেব্ৰুৱাৰী: ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি শিৱ ভক্তসকলে মহাশিৱৰাত্ৰি উৎসৱ অতি আড়ম্বপূৰ্ণভাৱে পালন কৰিবলৈ গৈ আছে । আজিৰ দিনটোত শিৱ ভক্তসকলে ভোলানাথক সন্তুষ্ট কৰিবলৈ বিভিন্ন ধৰণেৰে পূজা-অৰ্চনা কৰে । একে সময়তে টিভি ধাৰাবাহিকতো বহু অভিনেতা দেখা গৈছে, যিয়ে পৰ্দাত শিৱৰ চৰিত্ৰত অভিনয় কৰিছে । যাৰে বহুকেইগৰাকী অভিনেতা আজিও শিৱৰ চৰিত্ৰৰ বাবে স্মৰণীয় হৈ আছে । আজি আমি আপোনালোকক এনে অভিনেতাৰ বিষয়ে ক'বলৈ ওলাইছো, যিসকলে মহাদেৱৰ চৰিত্ৰত অভিনয় কৰি মহাদেৱক অমৰ কৰি তুলিছিল(These Actors who have played Lord Shiva)।

দেৱো কে দেৱ মহাদেৱত অভিনয় কৰা মোহিত ৰাইনা

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

টিভিৰ ধৰ্মীয় চিৰিয়েল ‘দেৱো কে দেৱ’ত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল মোহিত ৰাইনাক । এই ভূমিকাৰ পৰাই তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল(Devon ke Dev Mahadev)। মহাদেৱৰ ৰূপত দৰ্শকে তেওঁক ইমানে পচন্দ কৰিছিল যে বাস্তৱ জীৱনতো সকলোৱে তেওঁক আজিও মহাদেৱ বুলি গণ্য কৰে । আজিও দৰ্শকৰ মনত আছে মোহিতৰ সেই চৰিত্ৰ(Mohit Raina)।

কেৱল ৰামেই নহয়, গুৰমীতে শিৱৰ চৰিত্ৰত মগ্ন হৈ পৰিছিল

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

গুৰমীত চৌধাৰীয়ে ২০০০ চনত টিভি শ্ব’ ‘ৰামায়ণ’ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । এই শ্ব’ত তেওঁ প্ৰভু ৰামৰ চৰিত্ৰত অভিনয় কৰিছিল । একে সময়তে গুৰমীত ৰাম নহয়, ভগৱান শিৱৰ চৰিত্ৰত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল(Gurmeet Choudhary)। তেওঁৰ শিৱ চৰিত্ৰটোও বহুতে ভাল পাইছিল ।

দৰ্শকে কেৱল ভগৱান শিৱ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিছিল এইগৰাকী অভিনেতাক

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

টিভি অভিনেতা সমৰ জয় সিঙে ৯০ৰ দশকৰ হিট শ্ব’ ‘ওম নমঃ শিৱাই’ত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল । এই ভূমিকা পালন কৰা সমৰ জয় সিংহক মানুহে বাস্তৱত শিৱ বুলি গণ্য কৰিবলৈ ধৰিলে(Samar Jai Singh)।

ৰোহিত বক্সিকো দেখা গৈছে শিৱৰ অৱতাৰত

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

টিভি জগতৰ চকলেট বয় ৰোহিত বক্সিয়েও ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছে । তেওঁ ‘ছিয়া কে ৰাম’ নামৰ ধৰ্মীয় অনুষ্ঠানত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল(Rohit Bakshi)।

'নীলী ছাত্ৰী ৱালে'ত হিমাংশু ছোনী

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

‘ছিয়া কে ৰাম’ত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা হিমাংশু সোণীয়ে টিভি শ্ব’ ‘নীলী ছাত্ৰ ৱালে’ ধাৰাবাহিকত ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল ।

দুবাৰকৈ ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছিল সুনীল শৰ্মাই

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

টিভি অভিনেতা সুনীল শৰ্মাই এবাৰ নহয়, দুবাৰকৈ ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছে । ‘শ্ৰী গণেশ’ আৰু ‘জয় মা বৈষ্ণো দেৱী’ শ্ব’ত মহাদেৱৰ চৰিত্ৰত অভিনয় কৰিছে সুনীল শৰ্মাই ।

কৃষ্ণৰ চৰিত্ৰৰ লগতে মহাদেৱ চৰিত্ৰতো অপূৰ্ব অভিনয়

টিভি চিৰিয়েলত মহাদেৱৰ ভূমিকাত দেখিবলৈ পোৱা এইসকল অভিনেতাৰ কথা মনত আছেনে আপোনাৰ ?

মহাভাৰতত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰি সকলোৰে আপোন হৈ পৰিছিল সৌৰভ ৰাজ জৈন(Sourabh Raaj Jain as Krishna) ৷ তেওঁক দৰ্শকে ইমানেই পচন্দ কৰিছিল যে বাস্তৱ জীৱনতো সকলোৱে তেওঁক শ্ৰীকৃষ্ণ বুলি গণ্য কৰা আৰম্ভ কৰিছিল ৷ কিন্তু আপোনালোকক জনাই দিও যে কেৱল শ্ৰীকৃষ্ণই নহয় মহাদেৱৰ চৰিত্ৰতো খুবেই সুন্দৰ অভিনয় কৰিছিল সৌৰভ ৰাজ জৈনে ৷ মহাকালী-অন্ত হি আৰম্ভ হ্যে ধাৰাবাহিকখনত অভিনেতাগৰাকীক মহাদেৱৰ চৰিত্ৰত দেখিবলৈ পোৱা গৈছিল(Sourabh Raaj Jain)৷

লগতে পঢ়ক:Project K release date: শীঘ্ৰেই মুক্তি লাভ কৰাৰ দিশত Project K, ইনষ্টাগ্ৰামযোগে মুক্তি লাভৰ দিন ঘোষণা

ABOUT THE AUTHOR

...view details