অসম

assam

ETV Bharat / entertainment

The Railway Men: ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজত দেখা যাব ইৰফান খানৰ পুত্ৰক - বাবিল খান দ্য ৰেলৱে মেন ৱেব ছিৰিজ

বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানক দেখা যাব ৱেব ছিৰিজ দ্য ৰে’লৱে মেনত ৷ আজি ঘোষণা হ’ল দ্য ৰে’লৱে মেনৰ মুক্তিৰ তাৰিখ । বাবিলৰ এই আটাইতকৈ প্ৰত্যাশিত ৱেব ছিৰিজখন কেতিয়া মুক্তি পাব জানি লওক ।

The Railway Men motion poster release, series to release on this date
‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজৰ মুক্তিৰ তাৰিখ ঘোষণা

By ANI

Published : Oct 26, 2023, 4:45 PM IST

চিটাৰা ডেস্ক, 26 অক্টোবৰ:জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা আৰ মাধৱনৰ বহু চৰ্চিত ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ক লৈ দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল । ভূপাল গেছ ট্ৰেজেডীৰ কাহিনীৰ পৰা অনুপ্ৰাণিত এই ধাৰাবাহিকখনৰ কাহিনী ৷ ধাৰাবাহিকখনৰ মুক্তিৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

বলীউডৰ প্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানে ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ইফালে ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ সন্দৰ্ভত এটা ডাঙৰ আপডেট ওলাইছে । গতিকে এই প্ৰতিবেদনত জানি লওক ধাৰাবাহিকখনৰ মুক্তিৰ তাৰিখ ।

‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ

‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজক লৈ বহুদিনৰে পৰা চৰ্চা চলি আছিল । বিশেষকৈ বাবিল খানৰ বাবেই ‘দ্য ৰে’লৱে মেন’ৰ চৰ্চা চলি আছিল । বৃহস্পতিবাৰে অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত ‘দ্য ৰে’লৱে মেন’ৰ এটা মোচন ভিডিঅ’ শ্বেয়াৰ কৰিছে ।

ধাৰাবাহিকখনৰ তাৰকা অভিনেতাৰ আভাস এই ভিডিঅ’টোত দেখা গৈছে । কেৱল এয়াই নহয়, ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখো প্ৰকাশ কৰিছে নিৰ্মাতাই । পৰিচালক শিৱ ৰাৱেলৰ ‘দ্য ৰে’লৱে মেন’ ৱেব ছিৰিজ অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত ১৮ নৱেম্বৰত বিশ্বজুৰি মুক্তি পাব ।

'দ্য ৰে’লৱে মেন'ৰ এই মোচন ভিডিঅ'টোত দেখা গৈছে অভিনেতা আৰ মাধৱন, কে কে মেনন, দিব্যেন্দু শৰ্মা আৰু বাবিল খানক । ‘দ্য ৰে’লৱে মেন’ৰ মুক্তিৰ তাৰিখ ঘোষণাৰ লগে লগে এই ধাৰাবাহিকখনৰ বাবে অনুৰাগীৰ উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে ।

এটা সঁচা ঘটনাৰ পৰা অনুপ্ৰাণিত ‘দ্য ৰে’লৱে মেন’ৰ কাহিনী

যশ ৰাজ বেনাৰত নিৰ্মিত ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ ভূপাল গেছ ট্ৰেজেডীৰ প্ৰকৃত ঘটনাৰ পৰা অনুপ্ৰাণিত । ১৯৮৪ চনত মধ্যপ্ৰদেশৰ ভূপাল চহৰত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ঔদ্যোগিক দুৰ্ঘটনাটো ৱেব ছিৰিজ ‘দ্য ৰে’লৱে মেন’ত দেখুওৱা হ’ব।

এই ধাৰাবাহিকখনৰ কেন্দ্ৰবিন্দু হৈছে সেই ৪ জন ৰে’ল কৰ্মচাৰীৰ সাহসৰ কাহিনী, যিয়ে নিজৰ জীৱনকো তুচ্ছ কৰি এই গেছ ট্ৰেজেডীত আবদ্ধ হৈ থকা লোকসকলৰ জীৱন ৰক্ষা কৰিছিল । উল্লেখ্য যে 'The Railway Man' ৱেব ছিৰিজখন ৪টা খণ্ডত ষ্ট্ৰীম কৰা হ'ব

লগতে পঢ়ক:Karachi To Noida teaser: সীমা হাইদৰৰ ছবি ‘কৰাচী টু নয়ডা’ৰ ট্ৰেইলাৰ মুকলি

ABOUT THE AUTHOR

...view details