চিটাৰা ডেস্ক, ১ ছেপ্টেম্বৰ: অপৰাধ কাহিনীৰ আধাৰত নিৰ্মিত শ্ব’ Savdhaan India ভাৰতৰ প্ৰত্যেক ঘৰে ঘৰে জনপ্ৰিয় ৷ এতিয়া এই শ্ব’টো পুনৰবাৰ প্ৰত্যাৱৰ্তন কৰিব টিভিত । এই ধাৰাবাহিকখনৰ এটা নতুন ছিজন অতি সোনকালে আৰম্ভ হ’ব । এইবাৰৰ থিম হৈছে "Criminal Decoded" ৷ সাৱধান ইণ্ডিয়াৰ নতুন ছিজনটোৰ আঁত ধৰোঁতাৰ ৰূপত থাকিব সুশান্ত সিং ।
২০১২ চনত আৰম্ভ হোৱা "সাৱধান ইণ্ডিয়া" শ্ব’টোৱে কেৱল মনোৰঞ্জন দিয়াই নহয়, অপৰাধৰ অন্ধকাৰ জগতখনকো উদঙাই দিয়ে ৷ এই শ্ব’টোৰ প্ৰত্যেকটা কাহিনী সঁচা পৰিঘটনাৰ আধাৰত নিৰ্মিত ৷ সাতটা ছিজন আৰু ৩,১৬২টা খণ্ডৰ এই শ্ব’টো দৰ্শকৰ অতি প্ৰিয় ।
সাৱধান ইণ্ডিয়াক হোষ্ট কৰিব সুশান্ত সিঙে
উল্লেখ্য যে সুশান্ত সিঙে পুনৰবাৰ সঞ্চালনা কৰিব "সাৱধান ইণ্ডিয়া" । সুশান্তৰ অসাধাৰণ কাহিনী কোৱাৰ দক্ষতা আৰু কৰ্তৃত্বশীল উপস্থিতিয়ে শ্ব’টোক কেৱল শিক্ষামূলক নহয়, দৰ্শকক সজাগ কৰি তোলা আৰু তেওঁলোকক সুৰক্ষিত হৈ থকাত সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । আগন্তুক ছিজন সন্দৰ্ভত সুশান্ত সিঙে কয়, "সংবাদ মাধ্যমত আমি যি অপৰাধৰ ঘটনা চাওঁ ৷ সেই ঘটনাসমূহে আমাক ভিতৰৰ পৰা শিহৰিত কৰি তোলে ৷ দুৰ্ভাগ্যজনকভাৱে আমাৰ সমাজত সঘনাই সংঘটিত হৈ থাকে তেনে ঘটনা ৷ এই অপৰাধ ৰোধ কৰি সজাগতা বৃদ্ধি কৰাটো গুৰুত্বপূৰ্ণ ৷ অপৰাধমূলক ডিকোডৰ অংশ হ’বলৈ এক্সাইটেড মই ।”