চিটাৰা ডেস্ক, 15 ডিচেম্বৰ : জনপ্ৰিয় কমেডিয়ান সুগন্ধা মিশ্ৰা আৰু ডাঃ সংকেত ভোছলেৰ ঘৰত আহিছে এটি নতুন আলহী । আচলতে এই দম্পতীয়ে লাভ কৰিছে পিতৃ-মাতৃত্বৰ সুখ । 35 বছৰীয়া সুগন্ধাই জন্ম দিলে এটি কণমানি মৰমলগা কন্যা সন্তান । সুগন্ধাৰ স্বামী ডাঃ সংকেত ভোছলেই ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে এই ভাল খবৰটো ।
এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল সুগন্ধা মিশ্ৰ-সংকেত ভোছলে
ডাঃ সংকেত ভোছলেই চিকিৎসালয়খনৰ পৰাই এটা ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগীক পিতৃ হোৱাৰ এই সুখবৰটো শ্বেয়াৰ কৰিছে । ভিডিঅ’টোত সংকেতক সুখী দেখা গৈছে আৰু তেওঁ কৈছে যে মই পিতৃ হৈ পৰিছো । ইয়াৰ পিচত তেওঁ কেমেৰাটো হাস্পতালৰ বিচনালৈ ঘূৰাই দিয়ে, য’ত শুই আছিল পত্নী সুগন্ধা ৷
ইয়াৰ পিচত সুগন্ধাৰ ফালে আঙুলিয়াই কয় যে তেওঁ মাতৃ হৈ পৰিছে । ইয়াৰ পিচত সুগন্ধা আৰু সংকেতে নিজৰ কণমানিজনীৰ আভাস দেখুৱাই ৷ অৱশ্যে কন্যাৰ মুখখন হৃদয়ৰ ইমোজিৰে লুকুৱাই ৰাখিছিল । অৰ্থাৎ নৱজাতকটিৰ মুখখন দেখুওৱা নাই ৷