চিটাৰা ডেস্ক, 15 নৱেম্বৰ :আজি ছানিয়া মিৰ্জাৰ 36 সংখ্যক জন্মদিন । ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে বন্ধুবৰ্গৰ সৈতে জন্মদিন উদযাপন কৰিছে । তেওঁৰ স্বামী ছোৱেইব মালিক অৱশ্যে জন্মদিনৰ পাৰ্টীত উপস্থিত থকা দেখা নগ’ল । কিছু সময় ধৰি তেওঁলোকৰ সম্পৰ্ক ফাঁট মেলাৰ বাতৰি প্ৰচাৰ হৈ আছে, কিন্তু তাৰ মাজতে জন্মদিনত ছোৱেইবে ছানিয়াক শুভেচ্ছা জনোৱাত অনুৰাগী সকল উৎসুক হৈ পৰিছে ৷
পাকিস্তানী ক্ৰিকেটাৰ গৰাকীয়ে লিখিছে, "জন্মদিনৰ শুভেচ্ছা থাকিল ছানিয়া । আপোনাৰ সুখী আৰু সুস্থ জীৱনৰ কামনা কৰিলোঁ । দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰক" ৷ মালিকৰ এই পোষ্টটো দেখি এজন ইউজাৰে লিখিছে, ‘এই শুভেচ্ছা পঢ়াৰ পিছত স্বামীয়ে পত্নীক শুভেচ্ছা জনোৱা যেন লগা নাই । কিন্তু তথাপিও আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আপোনালোকৰ বিষয়ে বিয়পি পৰা খবৰ ভুল প্ৰমাণিত হয় ।
বিবাহ বিচ্ছেদৰ খবৰৰ মাজতে ছোৱেইবে ছ’চিয়েল মিডিয়াত এখন ছবি শ্বেয়াৰ কৰি ছানিয়াক অভিনন্দন জনাইছে । কিন্তু সঁচাকৈয়ে যেন তেওঁৰ শুভেচ্ছাত কোনো উত্তেজনা, ৰোমাঞ্চ আৰু উৎসাহ নাছিল ।
চেলেব্ৰিটী তাৰকাৰ উপস্থিতিত ছানিয়াই জন্মদিনৰ কেক কাটিলে । বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা ফাৰাহ খান, গায়িকা অনন্যা বিৰলাই জন্মদিনৰ ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে । ছানিয়া মিৰ্জা আৰু ফাৰাহ খানৰ বন্ধুত্ব বহু পুৰণি । 2017 চনত দুয়ো একেলগে কৰণ জোহৰৰ আড্ডা শ্ব’ কফি উইথ কৰণত উপস্থিত হৈছিল ।