অসম

assam

ETV Bharat / entertainment

Ashneer Grover : শ্বাৰ্ক টেংকৰ প্ৰাক্তন বিচাৰক অশ্বনীৰ গ্ৰভাৰৰ পিতৃৰ দেহাৱসান - Shark Tank former judge Ashneer Grover

ইহলীলা সম্বৰণ কৰিলে জনপ্ৰিয় ব্যৱসায়িক অনুষ্ঠান শ্বাৰ্ক টেংক ইণ্ডিয়াৰ প্ৰাক্তন বিচাৰক অশ্বনীৰ গ্ৰ’ভাৰৰ পিতৃয়ে (Ashneer Grover) । এই তথ্য খোদ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে অশ্বনীৰে ।

Shark Tank former judge Ashneer Grovers Father Ashok Grover passes away
শ্বাৰ্ক টেংক ইণ্ডিয়াৰ প্ৰাক্তন বিচাৰক অশ্বনীৰ গ্ৰ’ভাৰৰ পিতৃৰ দেহাৱসান

By

Published : Mar 29, 2023, 12:28 PM IST

চিটাৰা ডেস্ক, 29 মাৰ্চ: টিভিৰ জনপ্ৰিয় ব্যৱসায়িক অনুষ্ঠান শ্বাৰ্ক টেংক ইণ্ডিয়াৰ প্ৰাক্তন বিচাৰক অশ্বনীৰ গ্ৰ’ভাৰৰ পিতৃৰ দেহাৱসান । মৃত্যুক আকোৱালি ল’লে অশ্বনীৰ গ্ৰ’ভাৰৰ পিতৃ অশোক গ্ৰ’ভাৰে (Ashneer Grovers father Ashok Grover dies at 69) । যোৱা নিশা ছ’চিয়েল মিডিয়াত পিতৃ অশোক গ্ৰ’ভাৰৰ মৃত্যুৰ বিষয়ে অৱগত কৰে অশ্বনীৰে (Ashneer Grovers father passes away) । এই দুখজনক তথ্যৰ সৈতে অশ্বনীৰে তেওঁক এৰি থৈ অন্য পৰিয়ালবৰ্গৰ বিষয়েও দুখ প্ৰকাশ কৰে (Ashneer Grover father death) ৷

নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পিতৃৰ মৃত্যুৰ তথ্য শ্বেয়াৰ কৰি দি অশ্বনীৰে পোষ্টটোত লিখিছে, "বাই পাপা, লটছ অৱ লাভ টু ইউ, টেক কেয়াৰ অৱ পাপা জী, বাডী মামী, নানাজী আৰু নানিজী ইন হেভেন ৷" ইফালে পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অশ্বনীৰ গ্ৰভাৰে লিখিছে, অশোক গ্ৰভাৰ (পুত্ৰ নন্দলাল গ্ৰভাৰ) ০৪.০৮.১৯৫৩-২৮.০৩.২০২৩।

অশ্বনীৰ গ্ৰভাৰৰ বিষয়ে জানেনে ?

‘ভাৰত পে’ৰ সহ-প্ৰতিষ্ঠাপক হৈছে অশ্বনীৰ গ্ৰ’ভাৰ (Ashneer Grover) । ১৯৮২ চনৰ ১৪ জুনত ৰাজধানী দিল্লীত জন্মগ্ৰহণ কৰিছিল অশ্বনীৰে । ২০১৮ চনত অশ্বনীৰে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ বাবে পেমেণ্ট ইন্টাৰফেচ ‘ভাৰত পে’ মুকলি কৰে । অশ্বনীৰ ভাৰত পে সহ-প্ৰতিষ্ঠাপক (Shark Tank former judge Ashneer Grover)। কিন্তু অশ্বনীৰ টেলিভিছনৰ এটা জনপ্ৰিয় শ্ব’ৰ পৰা হে লাইমলাইটলৈ আহে ৷ টিভি শ্ব’ শ্বক টেংক ইণ্ডিয়াৰ পৰা লাইমলাইটলৈ আহিছিল অশ্বনীৰ ।

এই শ্ব’টোত অশ্বনীৰে নিজৰ অহংকাৰী শৈলী আৰু পোনপটীয়া কথাৰে ষ্টাৰ্ট আপ আৰম্ভ কৰা প্ৰতিযোগীসকলক ‘অপমান’ কৰি শিৰোনাম দখল কৰিছিল । ‘য়ে ক্যা ডগলাপন হে’ৰ টেগ লাইনেৰে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে জনপ্ৰিয় হৈ পৰিছে অশ্বনীৰ গ্ৰ’ভাৰ । এই বিতৰ্কৰ বাবেই শ্বাৰ্ক টেংকৰ ছিজন ২ ৰ পৰা বাহিৰত ৰখা হৈছিল অশ্বনীৰক । বৰ্তমান তেওঁ এটা ষ্টাৰ্ট আপৰ সৈতে জড়িত হৈ আছে ৷

লগতে পঢ়ক:Vivek Agnihotri: কংগনাৰ পিচত প্ৰিয়ংকা চোপ্ৰাক সমৰ্থন কৰিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে

ABOUT THE AUTHOR

...view details