অসম

assam

ETV Bharat / entertainment

Vaibhavi Upadhyay Passes Away: পথ দুৰ্ঘটনাত মৃত্যু জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায়ৰ - ছাৰাভাই বনাম ছাৰাভাই

‘ছাৰাভাই বনাম ছাৰাভাই’ ধাৰাবাহিকত অভিনয় কৰা অভিনেত্ৰী বৈভৱী উপাধ্যায় আৰু নাই । পথ দুৰ্ঘটনাত মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ (Vaibhavi Upadhyay Passes Away)।

Sarabhai vs Sarabhai fame Vaibhavi Upadhyaya passes away celebs mourn
বৈভৱী উপাধ্যায়ৰ দেহাৱসান

By

Published : May 24, 2023, 12:39 PM IST

চিটাৰা ডেস্ক, 24 মে’: জনপ্ৰিয় টিভি ধাৰাবাহিক ‘ছাৰাভাই বনাম ছাৰাভাই’ত জেচমিনৰ চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেত্ৰী বৈভৱী উপাধ্যায় আৰু নাই (Vaibhavi Upadhyay Passes Away) ৷ মঙলবাৰে হিমাচল প্ৰদেশত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় অভিনেত্ৰীগৰাকীয়ে । মৃত্যুৰ সময়ত অভিনেত্ৰীগৰাকীৰ বয়স আছিল ৩২ বছৰ । এই ঘটনাৰ পিচতে চণ্ডীগড়ত বসবাস কৰা অভিনেত্ৰীগৰাকীৰ পৰিয়ালে তেওঁৰ মৃতদেহ মুম্বাইলৈ লৈ আনে । আজি (24 মে’) পুৱা ১১ বজাত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব বৈভৱীৰ (Sarabhai Vs Sarabhai actress Vaibhavi Upadhyay)।

বৈভৱীৰ মৃত্যু নিশ্চিত কৰিছে জে ডি মাজেথিয়াই

বৈভৱীৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত বৈভৱীৰ সৈতে কাম কৰা অভিনেতা-প্ৰযোজক জে ডি মাজেথিয়াই (Vaibhavi Upadhyaya Death News) । প্ৰযোজকগৰাকীয়ে লিখিছে, “জীৱনটো অতি অভাৱনীয় । এগৰাকী অতি ভাল অভিনেত্ৰী, প্ৰিয় বন্ধু বৈভৱী উপাধ্যায়, জনপ্ৰিয়ভাৱে ছাৰাভাই বনাম ছাৰাভাইত "জেচমিন" নামেৰে পৰিচিত । উত্তৰত এক দুৰ্ঘটনাৰ সন্মুখীন হয় অভিনেত্ৰীগৰাকী । আজি ​​পুৱা প্ৰায় ১১ বজাত তেওঁক শেষ দৰ্শনৰ বাবে মুম্বাইলৈ আনিব পৰিয়ালে । ৰেষ্ট ইন পিচ বৈভৱী ।

বৈভৱী উপাধ্যায়ৰ মৃত্যুত শোক প্ৰকাশ ৰূপালী গাংগুলীৰ

ষ্টাৰ প্লাছৰ জনপ্ৰিয় শ্ব’ ‘অনুপমা’ৰ মুখ্য অভিনেত্ৰী ৰূপালী গাংগুলীয়েও বৈভৱীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Vaibhavi Upadhyay Death) । তাৎপৰ্যপূৰ্ণভাৱে ৰূপালীয়ে বৈভৱী উপাধ্যায়ৰ সৈতে জনপ্ৰিয় ধাৰাবাহিক ‘ছাৰাভাই বনাম ছাৰাভাই’ত পৰ্দা শ্বেয়াৰ কৰিছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্টেৰ জৰিয়তে সহ-অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে (Vaibhavi Upadhyaya accident news) ।

ধাৰাবাহিকখনৰ পৰা বৈভৱীৰ এখন ছবি তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰি ৰূপালী গাংগুলীয়ে লিখিছে, “বহুত সোনকালে বৈভৱী...” ৷ ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টা ষ্ট’ৰীত বৈভৱী উপাধ্যায়ৰ এটা ইনষ্টাগ্ৰাম ৰিল ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “বিশ্বাস কৰিব নোৱাৰিছো ৷ ”

বৈভৱী উপাধ্যায়ৰ দেহাৱসান

বৈভৱীৰ মৃত্যুত স্তম্ভিত টিভি জগত

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে নিজৰ বন্ধুৰ সৈতে বাহনেৰে যাত্ৰা কৰি থকা অৱস্থাত বাহনখন টাৰ্ণিং লওতেই সংঘটিত হয় সেই অনাকাংক্ষিত ঘটনাটো (Vaibhavi Upadhyaya Died in a car accident) ৷ একে সময়তে বৈভৱীৰ মৃত্যুৰ বাবে টিভি উদ্যোগতো স্তম্ভিত হৈ পৰিছে । ২ দিনৰ ভিতৰত এয়া দ্বিতীয়টো মৃত্যু । ইয়াৰ পূৰ্বে নিজা বাসগৃহৰ পৰা সন্দেহজনক পৰিস্থিতিত মৃত অৱস্থাত উদ্ধাৰ হৈছিল অভিনেতা আদিত্য সিং ৰাজপুতৰ মৃত্যদেহ ।

লগতে পঢ়ক:Ray Stevenson: আৰ আৰ আৰত ভিলেইনৰ চৰিত্ৰত অভিনয় কৰা ৰে ষ্টিভেনছনৰ দেহাৱসান, শোক প্ৰকাশ এছ এছ ৰাজামৌলিৰ

ABOUT THE AUTHOR

...view details