চিটাৰা ডেস্ক, 27 নৱেম্বৰ: প্ৰিমিয়াৰৰ তিনিমাহৰ পাচত দেওবাৰে জি টিভিৰ ‘সা ৰে গা মা পা ২০২৩’ৰ অন্ত পৰিল ৷ ২৬ নৱেম্বৰত অৰ্থাৎ দেওবাৰে গ্ৰেণ্ড ফিনালেৰ সম্প্ৰচাৰৰ পিচত অন্ত পৰে শ্ব’টো । ইয়াৰ লগে লগে ঘোষণা হ’ল এই ছিজনটোৰ বিজয়ীৰ নাম । টিভিৰ ৰিয়েলিটি শ্ব’ ‘সা ৰে গা মা পা ২০২৩’ৰ বিজয়ীৰ খিতাপ দখল কৰিছে পশ্চিম বংগৰ কালিম্পঙৰ এলবাৰ্ট কাবো লেপচাই । এই ছিজনটোৰ বিচাৰক আছিল - হিমেশ ৰেশমিয়া, অনু মালিক আৰু নীতি মোহন । এই সময়চোৱাত অনুষ্ঠানটোৰ আঁত ধৰোতাৰ ৰূপত আছিল আদিত্য নাৰায়ণ ।
'সা ৰে গা মা পা ২০২৩'ৰ বিজয়ী এলবাৰ্ট কাবো লেপচা
গোটেই ছিজনটোত ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰা এলবাৰ্টক শ্ব’টোৰ বিচাৰক আৰু দৰ্শকে যথেষ্ট মৰম দিছিল । যাৰ বাবে গ্ৰেণ্ড ফিনালেত ‘সা ৰে গা মা পা ২০২৩’ৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় এলবাৰ্টে । ইফালে ফাইনেলিষ্ট নিষ্ঠা শৰ্মা হয় প্ৰথম ৰানাৰ্ছ আপ আৰু ৰণিতা বেনাৰ্জী হয় দ্বিতীয় ৰানাৰ্ছ আপ ।
২০২৩ চনৰ সা ৰে গা মা পাৰ ট্ৰফী জয় কৰাৰ পিচত এলবাৰ্টে কয়, ‘‘মোৰ বাবে এইটো এটা সপোন পূৰণৰ দৰেই ! সঁচা কথা ক’বলৈ গ’লে এই প্ৰতিযোগিতাখনি যথেষ্ট কঠিন আছিল কাৰণ ছিজনৰ সকলো প্ৰতিযোগীয়েই অত্যন্ত প্ৰতিভাশালী আছিল আৰু তেওঁলোকৰ সৈতে মঞ্চত সুযোগ পোৱাৰ বাবে মই সঁচাকৈয়ে কৃতজ্ঞ । শ্ব’টোত মোক সমৰ্থন কৰা আৰু গায়ক হিচাপে মোৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰা মোৰ সকলো গুৰু আৰু বিচাৰকক ধন্যবাদ জনাইছোঁ । আইকনিক বিবেক কাৰৰ দ্বাৰা ৰচিত মোৰ নিজা একক গীতটো ৰেকৰ্ডিং কৰি মুক্তি দিয়াৰ সুযোগো পাইছিলোঁ, ইয়াৰ বাবেও মই যথেষ্ট মৰম পাইছিলোঁ । নিশ্চিতভাৱে স্মৃতিৰ টোপোলা এটা লগত লৈ গৈ আছো আৰু মোৰ নতুন গায়ক যাত্ৰাৰ বাবে আগ্ৰহী । এটা সুন্দৰ অভিজ্ঞতাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ ।”