অসম

assam

ETV Bharat / entertainment

Rozlyn Khan news:কৰ্কট ৰোগৰ সৈতে যুঁজি থকা ৰ’জলিন খানে চিকিৎসালয়ৰ পৰা আৱেগিক পোষ্ট শ্বেয়াৰ কৰিছে - কৰ্কট ৰোগৰ সৈতে যুঁজি আছে ৰ’জলিন খান

আই পি এল আৰু পেটাৰ বাবে কাম কৰা এই গৰাকী অভিনেত্ৰী কৰ্কট ৰোগত আক্ৰান্ত হৈছে (Rozlyn Khan battling cancer) । অভিনেত্ৰী গৰাকীয়ে চিকিৎসালয়ৰ পৰা এখন ফটো শ্বেয়াৰ কৰি এটা স্পৰ্শকাতৰ পোষ্ট শ্বেয়াৰ কৰিছে ।

Rozlyn Khan
কৰ্কট ৰোগৰ সৈতে যুঁজি থকা ৰ’জলিন খান

By

Published : Nov 12, 2022, 5:39 PM IST

চিটাৰা ডেস্ক, 12 নৱেম্বৰ :মডেল তথা অভিনেত্ৰী ৰ’জলিন খানক লৈ চৰ্চালৈ আহিছে এক চাঞ্চল্যকৰ খবৰ । এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে জনাইছে য়ে তেওঁৰ কেন্সাৰ হৈছে আৰু তেওঁ বৰ্তমানত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Rozlyn Khan news) । ৰ’জলিনে চিকিৎসালয়ৰ বিচনাৰ পৰা এখন ছবি শ্বেয়াৰ কৰিছে ।

ৰ’জলিনে ছ’চিয়েল মিডিয়াত এটা মৰ্মান্তিক পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘কৰ্কট ৰোগ... কঠিন, মানুহৰ জীৱনটো সহজ নহয় । এইটো মই ক’ৰবাত পঢ়িছিলোঁ..কিন্তু এতিয়া মই গম পালোঁ যে মোৰ দৰে মানুহৰ লগত এনেকুৱা হয় । ভগৱানে তেওঁৰ শক্তিশালী সৈনিকসকলক আটাইতকৈ কঠিন যুঁজ দিয়ে.. এইটো মোৰ জীৱনৰ এটা অধ্যায়... মোৰ বিশ্বাস আৰু আশা আছে.... প্ৰতিটো অসুবিধাই মোক শক্তিশালী কৰি তুলিছে, ইও মোক শক্তিশালী কৰি তুলিব’।

‘মোৰ বাবে প্ৰাৰ্থনা কৰা কিছুমান মৰমলগা মানুহ আছে । যি হয় ভালৰ বাবেই হয় আৰু সেই ভালটোৱেই মোৰ । ডিঙি আৰু পিঠিৰ তীব্ৰ বিষৰ বাহিৰে মোৰ কোনো অসুবিধা হোৱা নাছিল । জিমনাষ্টিকছৰ বিষ আৰু কঁকালৰ বিষ বুলি ভুল ভাবি আছিলো । বাৰু, সোনকালে গম পালোঁ’, তেওঁ লগতে লিখে । পৰৱৰ্তী পোষ্টটোত ৰ’জলিনে ব্ৰেণ্ডসমূহক কৈছিল যে তেওঁ কাম কৰিবলৈ সদায় থাকিব । অসুস্থতাৰ বাবে তেওঁ কাম বাদ নিদিয়ে । শেষ মুহূৰ্তলৈকে তেওঁ কাম কৰি যাব ।

ৰ’জলিনে আৰু লিখিছে, ‘প্ৰিয় ব্ৰেণ্ডছ, মই প্ৰতি মাহৰ দ্বিতীয় সপ্তাহত আপোনালোকৰ সৈতে শ্বুটিং কৰিবলৈ সাজু, কাৰণ অনাগত সাত মাহত মই কেম’থেৰাপীৰ বাবে যাব লাগিব । প্ৰতিটো কেম’থেৰাপীৰ পিছত মোক এসপ্তাহৰ জিৰণিৰ প্ৰয়োজন হ’ব । ৰ’জলিনে কয় যে এতিয়াৰ পৰা তেওঁ এটা এটাকৈ দিন জীয়াই থাকিব । ৰ’জলিনৰ এই আৱেগিক পোষ্টটোৱে তেওঁৰ অনুৰাগীৰ চকু সেমেকাই তুলিছে । প্ৰতিজন অনুৰাগীয়ে ৰ’জলিনৰ আশু আৰোগ্য আৰু কেন্সাৰক পৰাস্ত কৰিবলৈ সাহস যোগাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে ।

ৰ’জলিন খান কোন?

ৰ’জলিন খানক দেখা গৈছিল সমীৰ অঞ্জনৰ ‘আ ভি জা’ গীতটোত । এই গীতটোত অভিনেতা ৰজনীশ ডুগলৰ সৈতে দেখা গৈছিল তেওঁক । ৰ’জলিনে পেটা আৰু আই পি এলৰ বাবেও কাম কৰিছে । কেৱল এয়াই নহয়, ৰ’জলিনে বহুতো আইটেম নম্বৰো কৰিছে । ৰ’জলিনে ছ’চিয়েল মিডিয়াত ব’ল্ড ফটো পোষ্ট কৰিও শিৰোনাম দখল কৰে ।

‘সবিতা ভাবি’ ছবিখনত ৰ’জলিনে সবিতা ভাবিৰ চৰিত্ৰত অভিনয় কৰিছিল । ইয়াৰ উপৰিও তেওঁ ‘ধমা চৌকড়ী’, ‘জী লেনে দো এক পল মে’ ছবিৰ লগতে বহু টিভি শ্ব’তো কাম কৰিছে । কেন্সাৰৰ বিষয়েও মানুহৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে তেওঁ ৷

লগতে পঢ়ক :Kevin Conroy news: বেটমেনৰ এক নিৰ্ধাৰিত কণ্ঠস্বৰ কেভিন কনৰয়ৰ 66 বছৰ বয়সত মৃত্যু ঘটে

ABOUT THE AUTHOR

...view details