চিটাৰা ডেস্ক, ১১ আগষ্ট :" থিয়েটাৰ চাবলৈ ওলাই আহক, আগতে যেনেকৈ গৈছিল এতিয়াও হিলদল ভাঙি ওলাই আহক " , বিশিষ্ট নাট্যকাৰ তথা পৰিচালক অভিজিত ভট্টাচাৰ্য্যৰ ৰাইজলৈ আহ্বান ৷ ক’ৰণা মহামাৰীৰ দুবছৰৰ পিছত পুনৰ লাহে লাহে জী উঠিছে থিয়েটাৰ, নাটক আদি মঞ্চসমূহ ৷ অসীম হেঁপাহ আৰু সাহস বুকুত বান্ধি ৰাইজৰ মাজলৈ ওলাই আহিছে ভ্ৰাম্যমাণ নাট্যদল সমূহ ৷
পঞ্চম বৰ্ষৰ বাবে মুকলি হ’ল ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ অসমৰ বিভিন্ন ঠাইত এতিয়া ভ্ৰাম্যমাণ নাট্যদল সমূহে মুকলি কৰিছে আখৰাগৃহ ৷ আখৰাগৃহত দিনে-নিশাই চলাইছে প্ৰস্তুতি ৷ অসমৰ ৰাইজৰ অতি আদৰৰ নাট্যদল তথা আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ৰাজনন্দিনী থিয়েটাৰে (Rajnandini Bharamyoman Natyadol) পঞ্চম বৰ্ষৰ বাবে কালি সন্ধিয়া আখৰাগৃহ মুকলি কৰে । চাৰিটা বছৰ সফলতাৰে পাৰ কৰাৰ পিছত নতুন চিন্তা নতুন পৰিকল্পনাৰে আগবাঢ়ি অহা নাট্যদলৰ আখৰাগৃহৰ দ্বাৰ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী তথা নৰ্থ ইষ্ট কেঞ্চাৰ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীয়ে । আখৰাগৃহ মুকলিৰ সমান্তৰালকৈ বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় মুকলি সভা ।
এই মুকলি সভাতেই ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ পঞ্চম বৰ্ষৰ বাবে ৰাধেশ্যাম কলিতাৰ অন্ধ ভগৱান আৰু হৰিহৰ মেধিৰ ৰচিত আৰু পিজে প্ৰিন্সৰ সম্পাদিত অভিশপ্ত সেন্দূৰ শীৰ্ষক নাটখনৰ পাণ্ডুলিপি আনুষ্ঠানিক ভাবে মুকলি কৰে নাট্যকাৰ ধ্ৰুবজোতি শৰ্মা আৰু থিয়েটাৰ সূৰ্যৰ প্ৰযোজক মুনীন্দ্ৰ বৰ্মনে । ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য পৃষ্ঠপোষক নকুল তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্য, সদৌ অসম যাত্ৰাদল প্ৰযোজক সন্থাৰ সভাপতি নব কুমাৰ শৰ্মা, প্ৰাক্তন বিধায়ক ডাঃ তাৰাপ্ৰসাদ দাস, সমাজকৰ্মী বাণীকান্ত ভূঞা, শিক্ষাবিষয়া সীমান্ত ডেকা আৰু বিশিষ্ট সমাজকৰ্মী প্ৰদীপ দাসে ভাষণ প্ৰদান কৰে । নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক তথা মিডিয়া ট্ৰাষ্ট অসমৰ কাৰ্যবাহী সচিব ৰমনী বৰ্মনে অসমৰ নাট্যজগতৰ লগতে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে ।
উল্লেখ্য যে এই অনুষ্ঠানতে আদৰ্শ শিক্ষক আমিৰ হুছেইনক ২০২১ বৰ্ষৰ ৰাজনন্দিনী শিক্ষাৰত্ন বঁটা আৰু জ্যেষ্ঠ অভিনেতা ডম্বৰুধৰ তামুলীক ৰাজনন্দিনী শিল্পীৰত্ন বঁটা প্ৰদান কৰা হয় । এদল নাট্যযোদ্ধাক লৈ এইবাৰ অসমৰ ৰাইজৰ কাষলৈ যাবলৈ বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি বুলি প্ৰযোজক পিজে প্ৰিন্সে জানিবলৈ দিয়ে । অনুষ্ঠানত অংশ গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলক প্ৰশংসা কৰাৰ লগতে নাটক সম্পৰ্কত বহুত প্ৰশংসনীয় মন্তব্য কৰিলে নাট্যকাৰ অভিজিত ভট্টাচাৰ্য্যই ।
লগতে পঢ়ক :আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বড়ো ছবি Sijou ৰ বৃহৎ সফলতা