অসম

assam

ETV Bharat / entertainment

বিমানবন্দৰত এনেকুৱা কি ঘটিছিল অভিনেত্ৰী সুৰভি চন্দনাৰ সৈতে ? - Vistara airline

Surbhi Chandna: নাগিন ৫ৰ অভিনেত্ৰী সুৰভি চন্দনাই শেহতীয়াকৈ ভিস্তাৰা এয়াৰলাইনক লৈ নিজৰ ক্ষোভ প্ৰকাশ কৰিছে । আনকি অভিনেত্ৰীগৰাকীক মানসিকভাৱে অত্যাচাৰ কৰা বুলিও কৈছে অভিনেত্ৰীগৰাকীয়ে।

Pathetic: Surbhi Chandana slams Vistara airline for unprofessional behaviour
বিমান সংস্থাক লৈ ক্ষোভ প্ৰকাশ সুৰভি চান্দনাৰ

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 6:06 PM IST

চিটাৰা ডেস্ক, ১৪ জানুৱাৰী:জনপ্ৰিয় টিভি অভিনেত্ৰী সুৰভি চন্দনাই বৰ্তমান তেওঁৰ এটা পোষ্টৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে । দৰাচলতে অভিনেত্ৰীগৰাকীয়ে এটা বিমান সংস্থাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । এটা পোষ্ট শ্বেয়াৰ কৰি সুৰভিয়ে বিমান সংস্থাটোক লৈ ক্ষোভ প্ৰকাশ কৰিছে । আচলতে সমগ্ৰ ঘটনাটো কি জানো আহক এই প্ৰতিবেদনত ।

বিমান সংস্থাক লৈ ক্ষোভ প্ৰকাশ সুৰভি চান্দনাৰ

সুৰভি চন্দনাই অলপতে ভিস্তাৰা এয়াৰলাইন্সেৰে যাত্ৰা কৰিছিল । কিন্তু এই যাত্ৰা সুৰভিৰ বাবে বৰ ভাল নাছিল । এই যাত্ৰাত সুৰভিৰ অভিজ্ঞতা আছিল বহুত বেয়া ৷ এতিয়া এই বেয়া অভিজ্ঞতা নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে বিমান সংস্থাৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে ।

বিমান সংস্থাক লৈ ক্ষোভ প্ৰকাশ সুৰভি চন্দনাৰ

সুৰভিয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে । এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে- আটাইতকৈ বেয়া বিমান সংস্থাৰ বঁটা ভিস্তাৰালৈ । মোক নজনাকৈয়ে মোৰ প্ৰাইঅ’ৰিটি বেগটো আঁতৰাই দিয়া হ’ল । বেগটো বিমানবন্দৰ পালে নে নাই তাকো আশ্বস্ত কৰা নহ’ল ৷

বিমান সংস্থাক লৈ ক্ষোভ প্ৰকাশ সুৰভি চান্দনাৰ

অভিনেত্ৰীগৰাকীয়ে লগতে লিখিছে, ‘‘তেওঁলোকে গোটেই দিনটো অপচয় কৰিছে আৰু এতিয়াও মোক নিশ্চিত কৰোৱা নাই যে বেগটো সময়মতে মাতৃৰ ওচৰ পালেগৈ নে নাই । কৰ্মচাৰীৰ মিছা প্ৰতিশ্ৰুতি, বিমান সংস্থাৰ ভয়ংকৰ পলম, তেওঁলোকে মোক মানসিকভাৱে অত্যাচাৰ কৰিছে । ’’ ইয়াৰ উপৰিও সুৰভিয়ে আন লোকক এই বিমান সংস্থাটোৰে যাত্ৰা কৰাৰ আগতে ১০০ বাৰ চিন্তা কৰিবলৈও কৈছে ।

অভিনেত্ৰীগৰাকীৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিমান সংস্থাৰ

উল্লেখ্য যে, সুৰভিৰ এই পোষ্টটোৰ পিচত বিমান সংস্থাসমূহে তেওঁৰ ওচৰত ক্ষমা খুজিছে আৰু ইয়াৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিছে । ভিস্তাৰাই টুইট কৰি উত্তৰ দিয়ে - ‘‘হাই মিছ চন্দনা, আপোনাৰ অসন্তুষ্টিৰ কথা জানি আমি চিন্তিত হৈছো ।’’

লগতে পঢ়ক:ইণ্ডিগ’ক লৈ কপিল শৰ্মাৰ-বিবেক অগ্নিহোত্ৰীৰ ক্ষোভ

ABOUT THE AUTHOR

...view details