গুৱাহাটী,14 জানুৱাৰীঃঅসমীয়া বিনোদন জগতৰ প্ৰথমটো পূৰ্ণাংগ এপছ'70mm'ফ্লিক্স। এ এম টেলিভিছনৰ উপাধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে জানিবলৈ দিয়ে যে এই '70mm' ৰ জৰিয়তে এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ সকলো দৰ্শকে সহজতে চাবলৈ পাব ছবি আৰু ধাৰাবাহিক। লগতে নতুন প্ৰজন্মৰ পৰিচালক,অভিনেতা অভিনেত্ৰীক এই '70mm'ৰ জৰিয়তে এখন মঞ্চ দিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে অক্ষতা নাৰায়ণে।
মুকলি হ'ল অসমৰ বিনোদন জগতৰ এক নতুন মঞ্চ "70mm " - new app 70mm
নেটফ্লিক্স,ভুট,হটষ্টাৰক প্ৰতিদ্বন্দিতা কৰিব পৰাকৈ অসমত মুকলি হল "70mm" ৷ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো ভাষাৰ ছবিৰ লগতে ধাৰাবাহিক উপলব্ধ হ'ব "70mm"ত ৷ এই এপছৰ জৰিয়তে পৃথিৱীৰ যিকোনো ঠাইৰ পৰা অসমীয়া ছবিৰ লগতে ধাৰাবাহিক উপভোগ কৰিব পাৰিব সকলোৱে ।
ইতিমধ্যে মুকলি হোৱা '70mm ' ফ্লিক্সত উপলব্ধ 100খন অসমীয়া ছবি। সময়ৰ লগে লগে এপছটোত নতুন ধাৰাবাহিক,চুটি ছবি আৰু পূৰ্ণ দৈর্ঘৰ ছবি উপভোগ কৰিবলৈ পাব দৰ্শকে। লগতে এই '70mm' ফ্লিক্সৰ বাবে নিৰ্দিষ্ট নিৰিখ ধাৰ্য কৰা হৈছে বুলি জানিবলৈ দিয়ে অক্ষতা নাৰায়ণে ৷ এই '70mm 'ফ্লিক্সৰ দৰে এপছ মুকলি কৰি স্বাভাৱিকতে সুখী হৈ পৰিছে অসমীয়া বিনোদন জগতৰ লগত জড়িত কলা-কুশলীসকল ৷ অসমৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে নৱজাগৰণৰ সময়ত উদ্ভৱ হোৱা '70mm ' ফ্লিক্সৰ দৰে মঞ্চই এতিয়া কিদৰে সদৰ্থক ভূমিকা ল'ব সেয়া অনাগত দিনতহে পৰিলক্ষিত হ'ব।
লগতে পঢ়কঃ উত্তৰ প্ৰদেশত কৰ মুক্ত হ'ল ছবি তানহাজী