অসম

assam

ETV Bharat / entertainment

লাইভ আহি অনুৰাগীক মুনাৱাৰ ফাৰুকীৰ প্ৰাক্তন প্ৰেমিকা নাজিলাই জনালে বিশেষ আহ্বান - munawar faruqui

Bigg Boss 17: প্ৰেম জীৱনক লৈ পুনৰ চৰ্চাত ‘বিগ বছ ১৭’ৰ প্ৰতিযোগী তথা ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকী ৷ ইফালে ৩১ ডিচেম্বৰত ইনষ্টাগ্ৰামত লাইভ আহি মুনাৱাৰৰ প্ৰাক্তন প্ৰেমিকা নাজিলাই অনুৰাগীক জনালে বিশেষ আহ্বান ৷

Nazila Sitaishi urges to shun hate amid controversy surrounding Munawar Faruqui - watch
পুনৰ চৰ্চাত ‘বিগ বছ ১৭’ৰ প্ৰতিযোগী তথা ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকী

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 9:48 AM IST

চিটাৰা ডেস্ক, ২ জানুৱাৰী:‘বিগ বছ ১৭’ৰ প্ৰতিযোগী তথা ষ্টেণ্ডআপ কমেডিয়ান মুনাৱাৰ ফাৰুকীয়ে তেওঁৰ প্ৰেম জীৱনৰ বাবে বহুদিনৰে পৰা বাতৰিৰ শিৰোনাম দখল কৰি আহিছে । আয়েশা খানে শেহতীয়াকৈ শ্ব’টোত প্ৰৱেশ কৰি মুনাৱাৰৰ বিষয়ে বহু অভিযোগ উত্থাপন কৰিছিল ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত লাইভ আহি প্ৰেমিকা নাজিলাই মুনাৱাৰৰ সৈতে ব্ৰেকআপৰ কথা ঘোষণা কৰিছিল । ইয়াৰ মাজতে শেহতীয়াকৈ দেখা গৈছে যে বিগ বছৰ ঘৰত আয়েশাৰ স্বাস্থ্যৰ অৱনতি ঘটে । ইফালে আকৌ মুনাৱাৰৰ প্ৰাক্তন প্ৰেমিকা নাজিলাই লাইভ আহি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক এক বিশেষ আহ্বান জনায় ।

৩১ ডিচেম্বৰত ইনষ্টাগ্ৰামত লাইভ আহিছিল নাজিলা আৰু এই সময়চোৱাত তেওঁ অনুৰাগীক অনলাইনত ঘৃণা বিয়পোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আহ্বান জনায় । নাজিলাই কয়- সেই ঘটনাবোৰ, যিয়েই নাছিল কিয়, পাহৰি যাবলৈ সকলোকে আহ্বান জনাইছোঁ । মই সকলোকে ক’ব বিচাৰো যে যিয়েই নহওক কিয়, আপোনালোকে কোনো লোকৰ বাবে ঘৃণা বিয়পাই নাথাকিব, সেই মানুহজনৰ লাগিলে ভুলেই নহওক কিয় ।

নাজিলাই লাইভত লগতে কয়, ‘‘আপুনি কি ক’ব, কি নক’ব, সেই বিষয়ে আপুনি অধিক সজাগ হ’ব লাগিব ৷ কাৰণ আপুনি হয়তো নাজানে যে আপুনি কোৱা কথাবোৰে আন লোককো প্ৰভাৱিত কৰিব পাৰিব, যিটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয় । কাকো গালি-গালাজ কৰিবলৈ চেষ্টা নকৰিব । মানুহে যিয়েই নকৰক কিয়, নিজৰ কৰ্মৰ ফল পাবই । সময়ৰ লগে লগে সকলো ভাল হৈ যায় আৰু কাৰোবাক গালি-গালাজ কৰি নিজৰ মুখখন নষ্ট কৰিব নালাগে ।’’

ছলমান খানে মুনাৱাৰ-আয়েশাৰ সম্পৰ্কক লৈ উত্থাপন কৰিছিলপ্ৰশ্ন

উল্লেখ্য যে, নাজিলাৰ এই প্ৰতিক্ৰিয়া পোহৰলৈ আহিছে যেতিয়া ছলমান খানে বিগ বছ হাউচত আয়েশা আৰু মুনাৱাৰক কটাক্ষ কৰে । মুনাৱাৰ আৰু আয়েশাৰ সম্পৰ্কক লৈ ছলমানে প্ৰশ্ন উত্থাপন কৰিছিল, তাৰ পিচতে আয়েশাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু অচেতন হৈ পৰিছিল ।

লগতে পঢ়ক:উইকেণ্ড কা ৱাৰত কান্দি কান্দি অজ্ঞান হৈ পৰে আয়েশা, বি বি হাউচত প্ৰৱেশ কৰি ছলমান খানে ক’লে এই কথা

ABOUT THE AUTHOR

...view details