চিতাৰা ডেস্ক,৪ জানুৱাৰী: উদ্যোগীসকলক এখনি মুকলি মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে সম্প্ৰচাৰ কৰা এক জনপ্ৰিয় ৰিয়েলিটি শ্ব' হ'ল চাৰ্ক টেংক ইণ্ডিয়া । চাৰ্ক টেংক ইণ্ডিয়াৰ চিজন ১ য়ে ভাৰতীয় ৰাইজৰ পৰা যথেষ্ট ইতিবাচক সঁহাৰি লাভ কৰিছিল । সেয়ে আৰম্ভ কৰা হৈছে চাৰ্ক টেংক ইণ্ডিয়াৰ চিজন ২(Shark Tank India Season 2) । আৰম্ভণিতে চাৰ্ক টেংক ইণ্ডিয়াৰ চিজন ২ৰ পেনেলসকলৰ এক বিনিয়োগক লৈ আৰম্ভ হৈছে সমালোচনা । এটা প্ৰসাধন ব্ৰেণ্ডত বিনিয়োগ নকৰাৰ বাবে চাৰ্ক টেংক ইণ্ডিয়াৰ বিচাৰকসকলক সন্মুখীন হৈছিল সমালোচনাৰ(Shark Tank India Season 2 Controversy) ।
ইয়াৰ পাছতে চাৰ্ক টেংক ইণ্ডিয়াৰ পেনেলৰ চাৰ্ক নমিতা থাপাৰে(Namita Thapar Executive Director of EPh) এই সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে । নমিতা থাপাৰে ৰিকোডৰ মালিকসকলক 'উপহাস' কৰাৰ বাবে সমালোচনা কৰাৰ পিছত কোনো অনুশোচনা নাই কৰা বুলি উল্লেখ কৰে(Namita Thapar has responded to the backlash) । চাৰ্ক টেংক ইণ্ডিয়া চিজন ২ ৰ প্ৰিমিয়াৰ খণ্ডত উদ্যোগী ধীৰাজ বনচাল আৰু ৰাহুল সচদেৱাৰ সৈতে চাৰ্কসকলৰ নম্ৰ নোহোৱাৰ বাবে সমালোচনা কৰিছিল বিভিন্নজনে । উদ্যোগীক উপহাস কৰা বুলি কৰা হৈছিল সমালোচনা ।
মঙলবাৰে এক টুইটযোগে চাৰ্ক নমিতা থাপাৰে কয় যে চাৰ্ক হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁলোক স্বতন্ত্ৰ মূল্যবোধৰ অধিকাৰী নহয় । লগতে কয় যে তেওঁ যদি চাৰ্ক প্ৰতিযোগিতাত বিনিয়োগ নকৰে তেন্তে তাত তেওঁ অনুশোচনা কৰিবলগীয়া কোনো কথা নাই । লগতে তেওঁ আহ্বান জনাই যে যদি এই বিষয়বোৰ বেয়া পায় বা এই বিষয়ে অজ্ঞ তেনেহ'লে এনে অনুষ্ঠানত যোগ নকৰিলেই হ'ল ।