চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : অভিনেত্ৰী তুনিষা শৰ্মাৰ আত্মহত্যা... মনোৰঞ্জন জগতৰ লগতে সমগ্ৰ দেশৰ বাবেই এক চাঞ্চল্যকৰ খবৰ, যি হয়তো কোনেও পাহৰিব নোৱাৰিব । মাত্ৰ 20 বছৰ বয়সতে তুনিষাই ল’লে এই চৰম সিদ্ধান্ত । পৰিয়াল, বন্ধুবৰ্গকে আদি কৰি অনুৰাগীলৈকে সকলো শোকত ম্ৰিয়মান । শেহতীয়াকৈ অভিনেতা মুকেশ খান্নাই নিজৰ ইউটিউব চেনেলত এই আত্মহত্যাৰ বিষয়ে মুকলিকৈ কৈছে ।
শেহতীয়া ভিডিঅ'টো শ্বেয়াৰ কৰি অভিনেতা মুকেশ খান্নাই তেওঁৰ ইউটিউব চেনেলত বহুত ডাঙৰ কথা কৈছে । তুনিষাৰ আত্মহত্যা সন্দৰ্ভত নিজৰ মত ৰখাৰ লগতে ছোৱালীসকলৰ পিতৃ-মাতৃলৈয়ো তেওঁ পৰামৰ্শ আগবঢ়াইছে । তেওঁ তুনিষাৰ পিতৃ-মাতৃৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । অভিনেতা গৰাকীয়ে এই মৃত্যুত লাভ জেহাদৰ কোনো সম্পৰ্ক নাই বুলি কয় আৰু কয় যে ‘প্ৰতিজন খানে এইদৰেই যে কাম কৰিব সেইটো জৰুৰী নহয়’। "এইটো কেৱল শিশুসুলভ বয়সত কৰা শিশুসুলভ কাণ্ডৰ বাবেই ঘটি আছে" ৷ ইয়াৰ লগতে তেওঁ লোকসকলক মৃত্যুৰ আঁৰৰ সমস্যাটো চাবলৈ আহ্বান জনায়, মৃত্যুৰ নহয় ।
তেওঁ কয় যে তুনিষা আৰু নাই আৰু এতিয়া সকলোৱে তেওঁৰ প্ৰেমিকৰ ফালে আঙুলি টোৱাইছে । কিন্তু ইয়াৰ আঁৰত কি আছে সেই কথা কোনেও কোৱা নাই । আচলতে আটাইতকৈ ডাঙৰ অপৰাধী পিতৃ-মাতৃ । এনেকুৱা পৰিস্থিতিত ল'ৰাবোৰে নিজক চম্ভালি লয়, কিন্তু ছোৱালীবোৰ আৱেগিকভাৱে সংলগ্ন হৈ থাকে । যেতিয়াই প্ৰেমৰ এনাজৰী ডাল চিগি যায়, তেতিয়াই জীৱন শেষ কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰেমিকক ভগৱান বুলি গণ্য কৰা ছোৱালীজনীয়ে যদি গম পায় যে সন্মুখৰ মানুহজনে তেওঁক ঠগি আছে, তেন্তে কল্পনা কৰকচোন তেওঁৰ হৃদয়ত ঢৌ উঠিব । তুনিষাৰ হৃদয় ভাঙি গ’ল কাৰণে সকলো শেষ কৰি দিলে । খান্নাই সকীয়াই দিয়ে যে ‘পিতৃ-মাতৃয়ে শিশুক অকলে এৰি নিদিব, নহ’লে প্ৰতিটো শিশুৰ অৱস্থা একেধৰণৰ হ’ব ’।