চিটাৰা ডেস্ক, ১ জানুৱাৰী: কৰণ জোহৰৰ টক শ্ব’ কফি উইথ কৰণ ৮ বৰ্তমান চৰ্চাত । এতিয়ালৈকে বহু চেলিব্ৰিটিয়ে শ্ব’টোলৈ আহি নিজৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ সৈতে জড়িত বহু গোপন কথা প্ৰকাশ কৰিছে । এতিয়া জাহ্নৱী কাপুৰ আৰু খুশী কাপুৰক শ্ব’টোৰ পৰৱৰ্তী খণ্ডত দেখা যাব । এই খণ্ডটোৰ শেহতীয়া প্ৰ’ম’ও মুকলি কৰা হৈছে । এই সময়চোৱাত কৰণে জাহ্নৱীক ৰেপিড ফায়াৰ খেলৰ জৰিয়তে নিজৰ মনৰ কথা প্ৰকাশ কৰিবলৈ বাধ্য কৰায় ।
কৰণৰ শ্ব’ত কাপুৰ ভগ্নী জাহ্নৱী-খুশীৰ আড্ডা
কৰণ জোহৰে নিজৰ ইনষ্টাগ্ৰামত নতুন খণ্ডটোৰ প্ৰ’ম’ শ্বেয়াৰ কৰিছে । প্ৰ’ম’ ভিডিঅ’টোত কৰণে কাপুৰ ভগ্নী জাহ্নৱী আৰু খুশীক আদৰণি জনোৱা দেখা যায় । প্ৰ’ম’ৰ আৰম্ভণিতে কৰণে জাহ্নৱী আৰু খুশীৰ সৈতে খুব আনন্দ কৰা দেখা যায় । শ্ব’টোত জাহ্নৱীয়ে খুৰা অনিল কাপুৰক অনুকৰণ কৰি দেখুৱাই ৷ ইফালে খুশী কাপুৰে জাহ্নৱীৰ ডেটিঙৰ খবৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।