চিটাৰা ডেস্ক, 1 অক্টোবৰ: ছ’চিয়েল মিডিয়াত চৰ্চাত বিগ বছৰ ১৭ সংখ্যক ছিজন । প্ৰেমৰ পৰা আৰম্ভ কৰি পুৰণি বন্ধুত্বৰ বিভাজনলৈকে শ্ব’টোত বহুত মনোৰঞ্জন দেখা পোৱা গৈছে । এইবাৰ বিগ বছে নিজৰ শ্ব’টোৰ বাবে বহু ভিন্ন ক্ষেত্ৰৰ পৰা চেলিব্ৰিটিক নিৰ্বাচন কৰি আনিছে ।
বিগ বছ ১৭ ৰ ঘৰত টিভি আৰু ছবিৰ চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি ব্যৱসায়ী, সাংবাদিক, ষ্টেণ্ড আপ কমেডিয়ান আৰু ছ’চিয়েল মিডিয়া ইনফ্লুঞ্চাৰ আদি বহু চেলিব্ৰিটি আছে শ্ব’টোত । কিন্তু আপুনি জানেনে এই ছিজনৰ প্ৰতিযোগীসকলৰ শিক্ষাগত অৰ্হতা কিমান ৷ যদি নাজানে জানি লওক এই প্ৰতিবেদনত ৷
অংকিতা লোখাণ্ডে
বিগ বছ ১৭ ৰ আটাইতকৈ চৰ্চিত মুখ পবিত্ৰ ৰিস্তা খ্যাত অংকিতা লোখাণ্ডে । অভিনেত্ৰীগৰাকীয়ে অভিনয়ৰ জগতখনত প্ৰৱেশ কৰাৰ পূৰ্বে ইন্দোৰৰ পৰা স্কুলীয়া শিক্ষা আৰু স্নাতক ডিগ্ৰী লাভ কৰে ।
বিকি জৈন
অংকিতা লোখাণ্ডেৰ স্বামী বিকি জৈন ব্যৱসায়িক পটভূমিৰ পৰা আহিছে । তেওঁ সাবিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত ডিগ্ৰী আৰু জামনালাল বাজাজ ইনষ্টিটিউট অৱ মেনেজমেণ্ট ষ্টাডিজৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে ।
ঐশ্বৰ্য শৰ্মা
ঐশ্বৰ্য শৰ্মাই ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিছে । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকী এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও । মধ্যপ্ৰদেশৰ উজ্জয়নৰ এটা ব্যৱসায়িক পৰিয়ালৰ কন্যা ঐশ্বৰ্য শৰ্মা ।
নীল ভাট
আৰম্ভণিৰে পৰাই অভিনয়ৰ প্ৰতি প্ৰৱল নীল ভাট । অভিনয় জগতলৈ অহাৰ আগতে তেওঁ আইনৰ শিক্ষা গ্ৰহণ কৰিছে ।
ঈশা মালবিয়া
বিগ বছ ১৭ ৰ আটাইতকৈ কম বয়সীয়া প্ৰতিযোগী ঈশা মালবিয়া । কাণ্টাই মডেল ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে ঈশাই ।