অসম

assam

ETV Bharat / entertainment

KBC 15: এতিয়াও ঘৰত বাচন-বৰ্তন ধুৱে নেকি অমিতাভ বচ্চনে ? - কৌন বনেগা ক্ৰোৰপতি

অমিতাভ বচ্চনৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ কৌন বনেগা কৰোড়পতিৰ 15 সংখ্যক ছিজন আৰম্ভ হৈছে ৷ এই শ্ব’টোত বিগ বিয়ে প্ৰকাশ কৰে যে তেওঁ ঘৰত বাচন-বৰ্তন ধোৱা আৰু বহুতো কাম কৰে ৷

KBC 15 Ep 68: Amitabh Bachchan reveals, he often washes dishes, cleans kitchen at home
ঘৰত বাচন-বৰ্তন ধোৱা কাম কৰে বিগ বিয়ে

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 3:07 PM IST

চিটাৰা ডেস্ক, 16 নৱেম্বৰ: টিভিৰ আটাইতকৈ জনপ্ৰিয় শ্ব’ কৌন বনেগা কৰোড়পতিৰ ১৫ ৰ শেহতীয়া খণ্ডত হৰ্ষ শ্বাহক হট চিটত দেখা পোৱা গৈছিল । গুজৰাটৰ ভৱনগৰৰ বাসিন্দা হৰ্ষে কয় যে তেওঁৰ মাতৃৰ ইচ্ছা আছিল যে তেওঁ কেবিচিত অংশগ্ৰহণ কৰক আৰু অৱশেষত তেওঁ মাতৃৰ এই ইচ্ছা পূৰণ কৰিছে । লগতে তেওঁ কয় যে তেওঁৰ পিতৃৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল, যাৰ বাবে তেওঁ ৰাজ্যিক অসামৰিক সেৱা এৰি ব্যৱসায়ৰ দায়িত্ব ল’বলগীয়া হৈছিল ।

অমিতাভ বচ্চনে হৰ্ষক প্ৰশ্ন কৰে যে গুজৰাটৰ বিষয়ে তেওঁৰ কি ভাল লাগে । এই সন্দৰ্ভত হৰ্ষে কয়, ‘‘গুজৰাট এখন উৎসৱৰ ৰাজ্য, আটাইতকৈ ডাঙৰ উৎসৱ হৈছে নৱৰাত্ৰি । লোকনৃত্য গৰবাৰ আঁৰৰ কাহিনীটো হ’ল যে এটা গৰবা থাকে য’ত তেলৰ চাকি থাকে । গৰবাক দেৱী হিচাপে চিত্ৰিত কৰা হৈছে আৰু নৃত্য তেওঁৰ নামত উৎসৰ্গা কৰা হয় । হৰ্ষে লগতে কয় যে এই কাৰণেই গৰ্বা পৰিবেশন কৰি কেতিয়াও ভাগৰুৱা নহয় গুজৰাটীসকল ।

ঘৰত বহুবাৰ বাচন-বৰ্তন ধুইছে অমিতাভে

ইয়াৰ পিচত অমিতাভে হৰ্ষক তেওঁৰ ব্যৱসায়ৰ কথা সুধে । এই বিষয়ে হৰ্ষে কয় যে তেওঁ প্লাষ্টিকৰ মনোফিলামেণ্ট সূতাৰ এটা ইউনিট চলায় । এই সূতাবোৰৰ পৰা চাফাই স্ক্ৰাব তৈয়াৰ কৰা হয় । ইয়াৰ পিচত হৰ্ষে অমিতাভক প্ৰশ্ন কৰে যে তেওঁ কেতিয়াবা বাচন-বৰ্তন ধুইছে নেকি ? এই কথাত অমিতাভে উত্তৰ দিয়ে, ‘‘হয় হয়, মই বহুবাৰ বাচন-বৰ্তন চাফা কৰিছো, পাকঘৰৰ বাচন-বৰ্তন ধুইছো, বেচিন চাফা কৰিছো । আপুনি কি ভাবিছে মই এইবোৰ কাম কেতিয়াও কৰা নাছিলো ?’’

অমিতাভ বচ্চনৰ ৱৰ্ক ফ্ৰণ্ট

উল্লেখ্য যে, অলপতে অমিতাভ বচ্চনক টাইগাৰ শ্ৰফৰ ছবি ‘গণপত’ত দেখা গৈছিল । অৱশ্যে বক্স অফিচত তেওঁৰ ছবিখন ফ্লপ বুলি প্ৰমাণিত হয় । এতিয়া বিগ বিক আগন্তুক সময়ত দেখা যাব ‘Kalki 2898 AD’ আৰু ‘থালাইভাৰ ১৭০’ ছবিখনত ।

লগতে পঢ়ক:Ankita Lokhande Pregnancy: বিগ বছত গৰ্ভাৱস্থাৰ পৰীক্ষা কৰিলে অংকিতা লোখাণ্ডেই

ABOUT THE AUTHOR

...view details