চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: টেলিভিছনৰ অন্যতম জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ । এই শ্ব’টোৱে ২০০০ চনৰ পৰা প্ৰতিগৰাকী ভাৰতীয়ৰ হৃদয়ত শাসন কৰি আছে । যোৱা ২৩ বছৰ ধৰি এই অনুষ্ঠানটোৰ আঁত ধৰোতাৰ ৰূপত আছে অমিতাভ বচ্চন । কিন্তু, এতিয়া ‘কৌন বনেগা ক্ৰোড়পতি’ শ্ব’টোৰ পৰা বিদায় লৈছে অভিনেতাগৰাকীয়ে ।
উল্লেখ্য যে, কৌন বনেগা ক্ৰোড়পতি ১৫ৰ সঞ্চালক অমিতাভ বচ্চনে শুকুৰবাৰৰ খণ্ডটোত অনুষ্ঠানটোৰ পৰা বিদায় লৈছে । শ্ব’টোৰ নিৰ্মাতাসকলে গ্ৰেণ্ড ফিনালে খণ্ডটোৰ এটা চুটি ক্লিপ শ্বেয়াৰ কৰিছে, য’ত বিগ বিয়ে এই ছিজনত শেষবাৰৰ বাবে নিজৰ ষ্টাইলত টেলিভিছন দৰ্শকক বিদায় দিয়া দেখা গৈছে ।
ক্লিপটোত বিগ বিয়ে কয়, "লেডিজ বা জেন্টলমেন, মই এতিয়া গুচি যাম, কাইলৈৰ পৰা এই মঞ্চলৈ মই নাহো । খোদ এই কথাটো কোৱা বৰ কঠিন হৈ পৰে যে মই কাইলৈৰ পৰা এই মঞ্চলৈ নাহো, কাইলৈৰ পৰা ইয়ালৈ নাহিম বুলি ক'বলৈ সাহস নহয় আৰু ক’বলৈ মনো নাযায় ৷ আনকি মই এনেকুৱা একো ক’বও নিবিচাৰো । যিয়েই নহওক, মই অমিতাভ বচ্চন, এই যুগৰ বাবে, এই পৰ্যায়ৰ পৰা, শেষবাৰৰ বাবে ক’বলৈ ওলাইছো, শুভৰাত্ৰি, শুভৰাত্ৰি, শুভৰাত্ৰি । "
কেবিচি ১৫ৰ বিষয়ে