চিটাৰা ডেস্ক, 15 জুন :বিতৰ্কত সোমাই পৰিছেটিভিৰ বিখ্যাত অভিনেতা কৰণবীৰ বোহৰা ৷ অভিনেতাগৰাকীৰ বিৰুদ্ধে এগৰাকী ৪০ বছৰীয়া মহিলাই অভিযোগ উত্থাপন কৰিছে ৷ কোটি টকাৰ প্ৰতাৰণা আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত থানাত গোচৰ ৰুজু কৰিছে মহিলা গৰাকীয়ে ৷
মহিলাগৰাকীয়ে অভিনেতাজনৰ বিৰুদ্ধে ওশিৱাৰা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে । মহিলাগৰাকীয়ে অভিনেতাগৰাকীৰ বিৰুদ্ধে ১.৯৯ কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে কৰণবীৰকে ধৰি ছয়জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে ।
মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে কৰণবীৰে 2.5 শতাংশ সূতৰ হাৰৰ সৈতে 1.99 কোটি টকা ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল; কিন্তু সেইয়া তেওঁ সময়মতে ঘূৰাই নিদিলে । মহিলাগৰাকীয়ে আৰক্ষীক লগতে আৰু কৈছিল যে অভিনেতাজনে তেওঁক মাত্ৰ ১ কোটি টকাহে ঘূৰাই দিছিল ।
মহিলাগৰাকীক দিয়া হৈছিল হত্যাৰ ভাবুকি