অসম

assam

ETV Bharat / entertainment

Karan Mehra Birthday: এসময়ত পিজ্জা ডেলিভাৰী কৰিছিল কৰণ মেহৰাই; পিচত ঘৰে ঘৰে ‘নৈতিক’ নামেৰে চিনাকি হৈ পৰিল

টিভিৰ জগতখনত কৰণ মেহৰাৰ আছে এক সুকীয়া পৰিচয় । আজি কৰণৰ জন্মদিন ৷ গতিকে অভিনেতাজনৰ জন্মদিনত জানো আহক তেওঁৰ বিষয়ে কিছু কথা ৷

By ETV Bharat Assamese Team

Published : Sep 10, 2023, 4:12 PM IST

Karan Mehra Birthday Yeh Rishta kya kehlata hai actor struggle career unknown facts
কৰণ মেহৰাৰ জন্মদিন

চিটাৰা ডেস্ক, ১০ ছেপ্টেম্বৰ:টিভিৰ জনপ্ৰিয় অভিনেতা কৰণ মেহৰাক প্ৰতিঘৰতে ‘নৈতিক’ নামেৰে চিনি পায় ৷ টিভি ধাৰাবাহিক ‘য়েহ ৰিষ্টা ক্যা কেহলাতা হ্যে’ত নৈতিকৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল কৰণ । আজিও দৰ্শকে অভিনেতাজনক নৈতিক বুলিয়েই চিনি পায় ৷ কেৱল টিভি ধাৰাবাহিকতেই নহয়, বলীউডতো তেওঁ নিজৰ প্ৰতিভা দেখুৱাইছে । আজি অভিনেতাজনৰ জন্মদিন । কৰণ মেহৰাই উদযাপন কৰিছে নিজৰ ৪১ সংখ্যক জন্মদিন । অভিনেতাগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ জীৱনৰ কিছু নজনা কথা জানো আহক ৷

কৰণ মেহৰাৰ কেৰিয়াৰ

পঞ্জাৱৰ জলন্ধৰত জন্মগ্ৰহণ কৰা কৰণ মেহৰাৰ সমগ্ৰ পৰিয়াল দিল্লীলৈ স্থানান্তৰিত হয় । অভিনেতাগৰাকীয়ে দিল্লীৰ NIFT পৰা ডিজাইনিং অধ্যয়ন কৰিছিল ৷ তাৰ পিচত তেওঁ ডমিনোজ পিজ্জাত প্ৰশিক্ষাৰ্থী হিচাপেও কাম কৰিছিল আৰু ইয়াৰ উপৰিও কৰণ মেহৰাই মডেলিং আৰু ফেশ্বন ডিজাইনিঙো কৰিছে ।

পঢ়া-শুনা সমাপ্ত কৰাৰ পিচত কৰণ মুম্বাইলৈ আহি পৰিচালক ৰাজকুমাৰ হিৰানী আৰু ৰাম গোপাল বৰ্মাৰ সহায়ক হিচাপে কাম আৰম্ভ কৰে । এই দুগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে কৰণে ৪ খন ছবি কৰিছিল । ইয়াৰ পিচত ২০০৮ চনত মুক্তি পোৱা ‘লাভ ষ্ট’ৰী ২০৫০’ ছবিখনত কাম কৰে । ইয়াৰ লগতে অভিনেতাজনে অভিনয়ৰ ক্লাছ লৈছিল ৷ ইয়াৰ পৰাই তেওঁ জনপ্ৰিয়তা লাভৰ টাৰ্নিং পইণ্ট লাভ কৰিছিল ।

এটা ডাঙৰ টাৰ্নিং পইণ্টে সলনি কৰিছিল কৰণৰ জীৱন

অভিনয়ৰ প্ৰশিক্ষণ লৈ থাকোঁতেই কৰণে জনপ্ৰিয় টিভি শ্ব’ ‘য়েহ ৰিষ্টা ক্যা কেহলাতা হ্যে’ত নৈতিকৰ সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল । এই শ্ব’টোৰ পৰাই তেওঁ ঘৰে ঘৰে চিনাকি নাম হৈ পৰে নৈতিক ৷

এই শ্ব’টোত তেওঁ সাত বছৰতকৈও অধিক সময় কাম কৰিছিল । ইয়াৰ পিচত তেওঁ নিজৰ কেৰিয়াৰত ‘নাচ বালিয়ে ৫’ আৰু ‘নাচ বালিয়ে শ্ৰীমান vs শ্ৰীমতী’ত অংশগ্রহণ কৰে ৷ ইয়াৰ লগতে তেওঁ ‘বিগ বছ ১০’তো অংশগ্ৰহণ কৰে । ২০২০ চনৰ অক্টোবৰ মাহত তেওঁ পাঞ্জাবী টিভি শ্ব’ ‘মাৱা থাণ্ডিয়া ছাৱা’ত কাম আৰম্ভ কৰে । একে সময়তে জুবিন নৌটিয়াল আৰু ৰোচাক কোহলীৰ মিউজিক ভিডিঅ’ ‘বেৱাফা তেৰা মাছুম চেহৰা’তো অভিনয় কৰিছিল কৰণ ।

লগতে পঢ়ক:HBD Anurag Kashyap: ঘৰৰ পৰা টকা চুৰি কৰি ঢাপলি মেলিছিল মুম্বাইলৈ, পিচত কেনেকৈ নিজৰ সপোন পূৰ কৰিছিল অনুৰাগ কাশ্যপে ??

ABOUT THE AUTHOR

...view details