চিটাৰা ডেস্ক, 22 মে’:টেলিভিছন জগতৰ অভিনেতা কৰণ কুন্দ্ৰা আৰু তেজস্বী প্ৰকাশ চহৰৰ অন্যতম জনপ্ৰিয় প্ৰেমিক-প্ৰেমিকা ৷ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত দুয়োকে যথেষ্ট মৰম দিয়ে (Karan Kundrra)। ‘তেজৰাণ’ নামেৰে পৰিচিত এই প্ৰেমিক-প্ৰেমিকাৰ প্ৰেম কাহিনী আৰম্ভ হৈছিল ছলমান খানে হোষ্ট কৰা টেলিভিজনৰ জনপ্ৰিয় শ্ব’ বিগ বছ ১৫ ৰ পৰা ৷ ইয়াৰ পিচত বিগ বছৰ ঘৰৰ বাহিৰত অহাৰ পিচতো দুয়োৰে প্ৰেম কাহিনী দেখিবলৈ পোৱা গৈছিল ৷ ছ’চিয়েল মিডিয়াত প্ৰায়ে ৰোমান্টিক ফটো শ্বেয়াৰ কৰি দুয়োৰে মাজত থকা প্ৰেমৰ ইংগিত দিছিল ৷
কিন্তু শেহতীয়াকৈ কৰণে ছ’চিয়েল মিডিয়াত কিছু ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছিল ৷ কৰণৰ এই ৰহস্যময় পোষ্টৰ পিচতে দুয়োৰে ব্ৰেকআপ হোৱা বুলি সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হয় ৷ কিন্তু প্ৰথম অৱস্থাত এই উৰাবাতৰিসমূহক কৰণে আওকাণ কৰিছিল যদিও অৱশেষত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কৰণে ৷ অভিনেতাগৰাকীয়ে এইসমূহ বাতৰিক সম্বোধন কৰি কয় যে, তেওঁ ভাল পোৱা কবিলেট আৰু কবিতা পোষ্ট কৰিব ৷ কিন্তু সেই পোষ্টবোৰৰ সৈতে তেওঁৰ ব্যক্তিগত জীৱনৰ একো সম্বন্ধ নাই (Karan Kundrra Tejasswi Prakash breakup) ৷
ছলমান খানৰ ৰিয়েলিটি শ্ব’ বিগ বছ ১৫ ত অংশগ্ৰহণৰ আৰম্ভণিৰে পৰাই কৰণ আৰু তেজস্বীয়ে ডেটিং কৰি আহিছে । কৰণক বৰ্তমান ‘তেৰে ইছক মে ঘায়াল’ শ্ব’টোত দেখা পোৱা গৈছে (Karan Kundrra reaction to breakup rumours) ৷ আনহাতে, বৰ্তমান তেজস্বীক জনপ্ৰিয় ফেণ্টাচি টিভি ধাৰাবাহিক নাগিন ৬ ত দেখা পোৱা গৈছে । উল্লেখ্য যে, তেওঁলোকৰ বিষয়ে উৰাবাতৰি চলিত বৰ্ষৰ মাৰ্চ মাহত কৰণে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত হিন্দী কপলেট শ্বেয়াৰ কৰাৰ পিচত আৰম্ভ হৈছিল (Karan Kundrra Tejasswi Prakash breakup rumours) ।