অসম

assam

Rangali Bihu 2023: এই ৫টা শীৰ্ষ বিহুগীতে দুগুণে বৃদ্ধি কৰিব ৰঙালীৰ আনন্দ

By

Published : Apr 15, 2023, 2:11 PM IST

Updated : Apr 15, 2023, 5:17 PM IST

ৰঙালী বিহু উপলক্ষে আমি আপোনালোকৰ আনন্দ-উল্লাস দুগুণ কৰিবলৈ লৈ আহিছো শীৰ্ষ ৫টা বিহু গীত ৷ যিকেইটা ৰঙালী বিহুৰ প্লেলিষ্টত আপুনি নিশ্চয়কৈ অন্তৰ্ভুক্ত কৰিব পাৰে ৷

Here are the top 5 Bihu songs to play this Rangali Bihu season that you can add to your playlist
এই ৫টা শীৰ্ষ বিহুগীতে দুগুণ বৃদ্ধি কৰিব ৰঙালীৰ আনন্দ

অৱশেষত অপেক্ষাৰ অন্ত পৰিল, বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু উদযাপনত ব্যস্ত ৰাজ্যবাসী (Assamese bihu song) ৷ সমগ্ৰ অসমবাসীয়ে অতি উলহ-মালহ আৰু উদ্যমেৰে নিজৰ প্ৰিয় উৎসৱটি উদযাপন কৰিছে (Rangali Bihu 2023) । এই সময়ছোৱাত ডেকাৰ পৰা বুঢ়ালৈকে সকলোৱে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ৰাজ্যজুৰি অনুষ্ঠিত হোৱা বিহু অনুষ্ঠান পৰিদৰ্শন কৰে (best bihu song for dance) । সেয়ে ৰঙালী বিহু উপলক্ষে তথা ৰঙালীৰ আনন্দ দুগুণ কৰিবলৈ আমি আপোনালোকৰ বাবে শীৰ্ষ বিহু গীতৰ প্লেলিষ্ট লৈ আহিছো (top 5 Bihu songs to play this Rangali Bihu)।

শীৰ্ষ ৫টা বিহুগীত

জোনবাই এ বেজী এটি দিয়া

জুবিন গাৰ্গ আৰু অসমীয়া বিহু সংগীতৰ জগতখনক নিঠৰুৱা কৰি থৈ যোৱা কণ্ঠশিল্পী ভিটালী দাসৰ সুমধুৰ কন্ঠত এই গীতটি নিৰ্মাণ কৰা হৈছে (old Assamese bihu song list) ৷ জোনবাই নামৰ ছবিত থকা এই গীতটিত অভিনয় কৰিছে নয়ন নীলিম, বৰষা ৰাণী বিষয়া আৰু গায়ত্ৰী মহন্তই (famous bihu songs)৷

কং চেং

নীল আকাশ আৰু কুসুম কৈলাশে এই সুন্দৰ গীতটিত কণ্ঠদান কৰিছে ৷ গীতটি গোৱাৰ লগতে দুয়োগৰাকীয়ে সংগীত শিল্পীয়ে গীতটোত অভিনয় কৰাও দেখিবলৈ পোৱা যায় ৷ লগতে বিহুৰ সময়ত ইয়াৰ আনন্দ উল্লাস দুগুণ কৰিবলৈ এই গীতটি আপোনালোকে নিজৰ বিহু প্লে লিষ্টত অন্তৰ্ভুক্ত কৰিব পাৰে ৷

ৰৈ ৰৈ ৰতি

ৰৈ ৰৈ ৰতি গীতটিত গীতটিত নিজৰ সুমধুৰ কন্ঠ নিগঁৰাইছে অভিশ্ৰুতি বেজবৰুৱাই ৷ ঢেকী, তাঁতশাল, কুলীৰ মিঠা মাত, টকা আদিৰ শব্দক ব্যৱহাৰ কৰি অভিশ্ৰুতি বেজবৰুৱাই এই গীতটিক এক নতুন ৰূপ দিয়াৰ চেষ্টা কৰিছে ৷ বিহুৰ সময়ত আপোনাৰ প্লে লিষ্টত অন্তৰ্ভুক্ত কৰিবলৈ এই গীতটি এক উত্তম বিকল্প হ'ব পাৰে ৷

কেলৈ আছা চাই

অংগৰাগ পাপন মহন্তৰ এই গীতটি ৰাইজৰ মাজত খুবেই জনপ্ৰিয় ৷ বিহু হওক বা কোনো আনন্দৰ সময় এই গীতটি প্ৰায়েই প্লে লিষ্টত অন্তৰ্ভুক্ত কৰা হয় ৷

চেকচেকি পৰুৱা

মাজুলীৰ দৰে জনপ্ৰিয় গীতত নিজৰ সুমধুৰ কন্ঠ নিগৰোৱা কণ্ঠশিল্পী নিলোৎপল বৰাই বিহুৰ সময়ছোৱাত এটি নতুন গীত মুকলি কৰে ৷ চেকচেকি পৰুৱা নামৰ এই গীতটোৱে এতিয়া বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই গীতটিত অভিনয় কৰিছে নিলোৎপল বৰা, সুৰভি দাস, সৌৰভ, আৰু মধুষ্মিতাই ৷ বিহুৰ সময়ত আপোনাৰ প্লে লিষ্টত এই গীতটি অন্তৰ্ভুক্ত কৰি বিহু আনন্দ আৰু দুগুণ কৰিব পাৰে ৷

লগতে পঢ়ক:Hema Malini: বিহুক বিহাৰৰ উৎসৱ বুলি কোৱা হেমা মালিনীয়ে অৱশেষত ক্ষমা বিচাৰি ক’লে,আই এম ছ'ৰী

Last Updated : Apr 15, 2023, 5:17 PM IST

ABOUT THE AUTHOR

...view details