চিটাৰা ডেস্ক, 17 আগষ্ট:‘‘তাৰক মেহতা কা উল্টা চশমা’’ৰ মুখ্য অভিনেত্ৰী দয়াবেন অৰ্থাৎ দিশা ৱাকানীৰ আজি ৪৪ তম জন্মদিন ৷ দিশা বাকনি মূলতঃ গুজৰাটৰ । ১৯৭৮ চনৰ ১৭ আগষ্টত আহমেদাবাদৰ এটা গুজৰাটী জৈন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল দিশাই । গুজৰাট মহাবিদ্যালয়ৰ পৰা নাট্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে । দিশা বাকনীয়ে টিভিৰ শ্ব’ৰ লগতে বহু ছবিতো অভিনয় কৰিছে ৷
যদিও কমেডী শ্ব’ ‘তাৰক মেহতা কা উল্টা চশমা’ৰ জৰিয়তে তেওঁ অধিক জনপ্ৰিয়তা লাভ কৰিছিল । এই শ্ব’টোত দয়াবেনৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল ৷ যদিও দিশাই ৬ বছৰ পূৰ্বে এই শ্ব’টোৰ পৰা বিদায় লৈছে, তথাপিও আজিও দৰ্শকে তেওঁক দয়াবেন নামেৰেই চিনি পায় ।
অৱশ্যে ‘তাৰক মেহতা কা উল্টা চশমা’ৰ পূৰ্বে ‘শুভ মংগল সাৱধান’, ‘খিচড়ী’, ‘ইষ্টেণ্ট খিচড়ী’, ‘হিৰো ভক্তি হি শক্তি হ্যে’ আৰু ‘আহাত’ আদি টিভি শ্ব’ত গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰিছে দিশাই ৷ ইয়াৰ উপৰিও ২০১৪ চনত ‘চিআইডি’তো অভিনয় কৰিছিল । কেৱল টিভি শ্ব’তেই নহয় দিশা বাকনীয়ে ডাঙৰ পৰ্দাতো অভিনয় কৰিছে ৷ হয়, শ্বাহৰুখ খানৰ ছবি ‘দেৱদাস’ত অভিনয় কৰিছিল দিশাই ।