চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ :গুঞ্জন সিন্হা, যাৰ নৃত্যই সমগ্ৰ অসমবাসীৰে মন মুহিবলৈ সক্ষম হৈছিল সেই গুঞ্জন সিন্হা পুনৰ আহিছে অন্য এটা অনুৰোধ লৈ অসমবাসী ৰাইজৰ ওচৰলৈ ৷ মায়ানগৰী মুম্বাইত গুঞ্জনৰ নৃত্যৰ যাদুৱে মোহাচ্ছন্ন কৰি ৰাখিছে সকলোকে ৷ Dance Deewane 3 ৰ পিছত আকৌ চৰ্চালৈ আহিছে গুঞ্জন ৷ পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নাম উজলাইছে অসমৰ ৷
অসমী আইক গৌৰৱান্বিত কৰাৰ সুযোগ লৈ মুম্বাইত উপস্থিত কণমানি গুঞ্জন ৷ গুঞ্জনৰ জয় যাত্ৰা অব্যাহত আছে ৰাষ্ট্ৰীয় টেলিভিছনৰ বিভিন্ন ৰিয়েলিটী শ্ব'ত ৷ গুঞ্জনে এইবাৰ প্ৰৱেশ কৰিছে jhalak dikhhla jaa season 10 ৷ প্ৰৱেশ কৰিয়ে গুঞ্জনে সৃষ্টি কৰিছে চমক ৷
অভূতপূৰ্ব নৃত্যৰে মুগ্ধ কৰিছে নামী দামী তাৰকাৰ মন লগতে আপ্লুত কৰিছে বিচাৰকক ৷ ৰন্ধীৰ সিন্হা আৰু হিমাদ্ৰী সিন্হাৰ কন্যা গুঞ্জনে Dance Deewane 3 ত অভূতপূর্ব প্ৰদৰ্শন কৰাৰ পাছত এইবাৰ খোজ দিছে কালাৰ্ছ টিভিৰ jhalak dikhhla jaa season 10 ৰিয়েলিটী শ্ব'টোত ৷ গুঞ্জনৰ নৃত্যশৈলীক সকলোৱে একেমুখে প্ৰশংসা কৰিছে ৷