চিটাৰা ডেস্ক, 21 ডিচেম্বৰ :তিনিজনীয়া হ’বলৈ আগবাঢ়িছে গৌহৰ-জাইদৰ পৰিয়াল ৷ অভিনেত্ৰী গৌহৰ খান আৰু তেওঁৰ স্বামী জাইদ দৰবাৰে প্ৰথমটি সন্তানৰ আশা কৰিছে । মঙলবাৰে দম্পতীহালে নিজৰ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে নিজৰ অনুৰাগী সকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰে ।
এটা এনিমেটেড ৰীলছৰ জৰিয়তে দুয়োৱে এই ভাল খবৰটো শ্বেয়াৰ কৰে । সকলোৰে পৰা মৰম আৰু প্ৰাৰ্থনা বিচাৰি দম্পতীহালে এই খবৰটো ৰাজহুৱা কৰে ।
গৌহৰে লিখিছে, "বিছমিল্লাহ হিৰ ৰহমান নিৰ্ৰহীম । আপোনালোকৰ সকলো মৰম আৰু প্ৰাৰ্থনাৰ প্ৰয়োজন । মা শ্বা আল্লাহ" ৷ গৌহৰে শ্বেয়াৰ কৰা এনিমেটেড ভিডিঅ’টোত গৌহৰ আৰু জাইদক বহুত মৰম লগাকৈ উপস্থাপন কৰা হৈছে । ভিডিঅ'টোত লিখা আছিল, "Z এ G ক লগ পোৱাৰ পিছত দুজন হৈ পৰিল । এতিয়া দুঃসাহসিক অভিযান চলি আছে কাৰণ আমি অতি সোনকালেই তিনিজনীয়া হৈ পৰিম । ইন শ্বা আল্লাহ এই সুন্দৰ যাত্ৰাত আপোনালোকৰ সকলো প্ৰাৰ্থনা আৰু ৰহম বিচাৰিছো" ৷