চিটাৰা ডেস্ক, 18 ফেব্ৰুৱাৰী:হীৰামণ্ডীৰ সৈতে OTTত দখল কৰিবলৈ সাজু হৈছে পৰিচালক সঞ্জয় লীলা ভাঞ্চালী । ডিজিটেল মিডিয়াত তেওঁৰ এইটোৱেই প্ৰথম পদক্ষেপ গতিকে বহুতে এই কাহিনীটো চাবলৈ নিজৰ আগ্ৰহ প্ৰকাশ কৰিছে ৷ OTTৰ বাবে হীৰামণ্ডী এক মহাকাব্যিক কাম হ’বলৈ গৈ আছে(Heeramandi Teaser)৷ এইবাৰ দেখিবলৈ পোৱা গ'ল ছবিখনৰ টিজাৰ পোষ্টাৰ ৷ এই প্ৰকল্পৰ এটা টিজাৰ পোষ্টাৰ শনিবাৰে নেটফ্লিক্সে ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি ইয়াৰ মুখ্য চৰিত্ৰসমূহ সৈতে পৰিচয় কৰাই দিয়ে(First look of Sanjay Leela Bhansali's 'Heeramandi')৷
শনিবাৰে নিৰ্মাতাসকলে শ্বেয়াৰ কৰা টিজাৰ পোষ্টাৰখনত লিখা আছে, ‘অন্য এক যুগ, অন্য এক সময়(heeramandi netflix)। সঞ্জয় লীলা ভাঞ্চালীয়ে সৃষ্টি কৰা যাদুকৰী জগতখনৰ অংশ হ’বলৈ আমি ৰৈ থাকিব নোৱাৰো(sanjay leela bhansali next movie cast)। ইয়াত হীৰমণ্ডীৰ অদ্ভুত পৃথিৱীৰ কিছু আভাস দিয়া হ’ল । সঞ্জয় লীলা ভাঞ্চালীয়ে অদিতি ৰাও হাইদাৰী, মনীষা কৈৰালা, সোনাক্ষী সিন্হা, ৰিচা চড্ডা, শৰ্মিন ছেগল, সঞ্জীদা শ্বেখৰ সৈতে কাম কৰিব । তেওঁলোকৰ লুক এই টিজাৰটোত দেখিবলৈ পোৱা গৈছে(heeramandi web series)৷
শেহতীয়াকৈ ভাঞ্চালীয়ে এই বিশেষ ধাৰাবাহিকখনৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ বিষয়ে মুকলিকৈ কৈছে, তেওঁ কয় যে, মই ডাঙৰ ডাঙৰ ছবি নিৰ্মাণ কৰিছো সঁচা কিন্তু ডিজিটেল জগতত ভৰি দিয়াটো মোৰ বাবে এক ডাঙৰ কাম(heera mandi sanjay leela bhansali)। তেওঁ হীৰামণ্ডীকো তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰজেক্ট হিচাপে উল্লেখ কৰে ৷ কেৱল সেয়াই নহয়, ৱেব ছিৰিজ নিৰ্মাণ আৰু ২-৩ ঘণ্টীয়া ছবি নিৰ্মাণৰ মাজত পাৰ্থক্য বুজাই তেওঁ কয় যে, দুই-তিনি ঘণ্টীয়া ছবি নিৰ্মাণ কৰিলে পৰিচালকজনক যিমান ধ্বংস কৰা নহয়, সিমান খণ্ডত নিৰ্মিত ছিৰিজ বা ধাৰাবাহিকে তেওঁক ভাগৰুৱা কৰি তোলে । কাৰণ কাহিনীটোত বহুতো নতুন প্ৰত্যাহ্বান আহিছে(Heeramandi Teaser)৷