অসম

assam

ETV Bharat / entertainment

বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী প্ৰভা আত্ৰেৰ শেষ নিশ্বাস - শাস্ত্ৰীয় সংগীত শিল্পী প্ৰভা আত্ৰে

Prabha Atre Death: সংগীত জগতৰ বাবে এটা বেয়া খবৰ । বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী প্ৰভা আত্ৰেৰ হাৰ্ট এটেকত মৃত্যু । ৯২ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । খবৰ অনুসৰি প্ৰভা আত্ৰেৰ পৰিয়ালৰ একাংশ লোক বহিঃৰাজ্যত বাস কৰে । এনে পৰিস্থিতিত পৰিয়ালৰ আগমনৰ পিছতে কণ্ঠশিল্পীগৰাকীৰ অন্তিম সৎকাৰ কৰা হ’ব ।

Famous classical singer Prabha Atre dies of heart attack, breathed her last at the age of 92
বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী প্ৰভা আত্ৰেৰ শেষ নিশ্বাস

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 5:50 PM IST

চিটাৰা ডেস্ক, 13 জানুৱাৰী: সংগীত জগতৰ লগত জড়িত লোকসকলৰ বাবে আহিছে এটা বেয়া খবৰ ৷ আজি বিখ্যাত শাস্ত্ৰীয় সংগীত শিল্পী প্ৰভা আত্ৰেৰ মৃত্যু হয় ৷ জানিব পৰা মতে, শনিবাৰে পুৱা তেওঁৰ হাৰ্ট এটেক হয়, তাৰ পিছত তেওঁক পুনেৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু হয় ৷

প্ৰভা আত্ৰেই ৯২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৷ এই খবৰ শুনাৰ পিছত তেওঁৰ অনুৰাগীসকল শোকত ম্ৰিয়মান হৈ পৰিছে আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে ৷ খবৰ অনুসৰি প্ৰভা আত্ৰেৰ পৰিয়ালৰ ঘনিষ্ঠ একাংশ লোক বহিঃৰাজ্যত থাকে ৷ এনে পৰিস্থিতিত পৰিয়ালৰ লোকৰ আগমনৰ পিছত গায়িকাগৰাকীৰ সৎকাৰ কৰা হ’ব ৷

কিৰানা ঘৰানাৰ সৈতে সম্পৰ্ক

প্ৰভা আত্ৰে থুমৰি, দাদৰা, গজল, গীত, নাট্যসংগীত, ভজন আদি বহু সংগীত শৈলীত দক্ষ আছিল ৷ তেওঁৰ কিৰানা ঘৰানাৰ সৈতে সম্পৰ্ক আছিল ৷ প্ৰভা আত্ৰেই কিৰানা ঘৰানাৰ সুৰেশ বাবু মানে আৰু হিৰাবাই বৰদকাৰৰ পৰা শাস্ত্ৰীয় সংগীতৰ তেওঁ শিক্ষা গ্ৰহণ কৰিছিল ৷

স্বৰাগিনী আৰু স্বৰঞ্জনী সংগীত ৰচনাৰ ওপৰত লিখা তেওঁৰ তিনিখন গ্ৰন্থ যথেষ্ট জনপ্ৰিয় ৷ সৰলা মধুসুদন দেশাই, ৰাগিনী চক্ৰৱৰ্তী, চেতন বানাৱতৰ দৰে বহু গায়ক তেওঁৰ শিষ্য হৈ আছিলে ৷ ইয়াৰ উপৰিও প্ৰভা আত্ৰে অল ইণ্ডিয়া ৰেডিঅ’ৰ প্ৰাক্তন সহকাৰী প্ৰযোজক আৰু এ গ্ৰেড নাট্যশিল্পী হিচাপেও কাম কৰি আহিছে ৷

বহু সন্মান আৰু বঁটা লাভ কৰিছে

১৯৩২ চনৰ ১৩ ছেপ্টেম্বৰত পুনেত জন্মগ্ৰহণ কৰা প্ৰভা আত্ৰে সৰুৰে পৰা সংগীতৰ প্ৰতি আকৰ্ষিত আছিল ৷ এই চখটো তেওঁ আগুৱাই লৈ গৈছিল আৰু বহু ডাঙৰ ডাঙৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰভা আত্ৰে ১৯৯০ চনত পদ্মশ্ৰী, ২০০২ চনত পদ্মভূষণ আৰু ২০২২ চনত পদ্ম বিভূষণ সন্মান লাভ কৰিছিল ৷ ইয়াৰ বাহিৰেও তেওঁ নিজৰ নামত বহু বঁটাও আজুৰি আনিবলৈ সক্ষম হৈছিল ৷ জনাই দিও যে তেওঁ এগৰাকী লেখিকাও আছিল ৷ তেওঁ একক মঞ্চতে ১১খন গ্ৰন্থ মুকলি কৰিছিল, যি এক বিশ্ব অভিলেখ আছিল ৷

লগতে পঢ়ক:উত্তৰ-পূবৰ জোঁৱাই হ’ল জনপ্ৰিয় কণ্ঠশিল্পী সনম পুৰী; কইনা কোন জানেনে ?

ABOUT THE AUTHOR

...view details