চিটাৰা ডেস্ক, 9 ডিচেম্বৰ : ড্ৰাম বজাবলৈ আৰম্ভ কৰিলেই চাৰিওফালে উঠে হাত চাপৰিৰ জোৱাৰ । বিজয়ৱাড়াৰ এটি শিশুৱে এতিয়া নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷ এই শিশুটিৰ বিশেষত্ব হ’ল মুখৰ বিভিন্ন অংগী-ভংগীৰে দৰ্শকক আকৰ্ষণ কৰাৰ লগতে ড্ৰাম বজায়ো দৰ্শকক মুহিছে । চলচ্চিত্ৰৰ গীতৰ লগতে তিনমাৰ আৰু লোকগীতৰ বাবেও ড্ৰাম বজাই জুনিয়ৰ শিৱমণি নামেৰে পৰিচিত বিজয়াৱাড়াৰ এই শিশুটিয়ে ৷
শিৱমণি ৰেঞ্জত ড্ৰাম বজোৱা এই ড্ৰামাৰ জনৰ নাম টুমুলুৰি চেকিট প্ৰাগনয়া (child drummer) । বিজয়াৱাড়াৰ ৰামাৱৰপ্পাডুৰ এই আঠ বছৰীয়া শিশুটিয়ে সৰুৰে পৰাই ড্ৰাম বজোৱাৰ ক্ষেত্ৰত ভাল প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে । ইতিমধ্যে মহানগৰীৰ বহু মঞ্চত কণ্ঠদান কৰি বহু প্ৰশংসা লাভ কৰিছে চেকিটে । পিতৃ মহেশ কুমাৰো সংগীতৰ সৈতে জড়িত এজন শিল্পী যিয়ে বহু লোকক সংগীতৰ প্ৰশিক্ষণ দিয়া দেখি চেকিট চাৰি বছৰ বয়সতে ড্ৰামৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল । বিজয়াৱাড়াত য’তেই সংগীতৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল দেউতাকৰ লগত সদায় গৈছিল তেওঁ সেই অনুষ্ঠান উপভোগ কৰিবলৈ । ঘৰলৈ উভতি আহি দেউতাকৰ দৰেই ড্ৰাম বজাবলৈ চেষ্টা কৰিছিল । এই কথা লক্ষ্য কৰি অভিভাৱকে চেকিটক ড্ৰাম বজাবলৈ উৎসাহিত কৰিলে ৷
চেকিটে চলচ্চিত্ৰ গীতৰ লগতে লোক আৰু গণগীতৰ বাবে ঢোল বজাই প্ৰশংসা লাভ কৰে । 2020 চনৰ জুন মাহত টানাই আয়োজন কৰা বিশ্ব তেলেগু মহাসভাত ড্ৰাম বজাই তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰে । শেহতীয়াকৈ বিজয়াৱাড়াত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাতো তেওঁ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ৷