চিটাৰা ডেস্ক, 26 অক্টোবৰ: অভিনেত্ৰী দীপিকা কক্কাৰ বৰ্তমান নিজৰ মাতৃত্বৰ সময় উপভোগ কৰি আছে । পুত্ৰ ৰুহানৰ সৈতে ঘৰতে সময় অতিবাহিত কৰিছে অভিনেত্ৰীগৰাকীয়ে । অৱশ্যে টিভি জগতৰ পৰা দূৰত থাকিলেও অভিনেত্ৰীগৰাকীয়ে ইউটিউব ব্লগৰ জৰিয়তে নিজৰ জীৱনৰ সৈতে জড়িত আপডেটবোৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে । এতিয়া শেহতীয়া ব্লগত দীপিকাই প্ৰকাশ কৰিছে যে তেওঁৰ লগত অনলাইন প্ৰৱঞ্চনা হৈছে । এই তথ্য ইউটিউবত শ্বেয়াৰ কৰিছে দীপিকাই ।
অনলাইন প্ৰৱঞ্চনাৰ বলি হ’ল দীপিকা
দীপিকাই নিজৰ vlog ত কয়, ‘‘৩-৪ দিন আগতে মোৰ ঘৰলৈ এটা পাৰ্চেল আহিছিল আৰু ডেলিভেৰী দিয়া মানুহজনে মোক কৈছিল মেম ই কেছ অন ডেলিভাৰী অৰ্ডাৰ । গতিকে মইও ইমান এটা নাভাবিলো, যিহেতু মই ৰুহানৰ বাবে আৰু নিজৰ বাবে অনলাইনত বস্তু অৰ্ডাৰ দিয়ে থাকোঁ । গতিকে নগদ ধন দি মই অৰ্ডাৰটো লৈ ল’লো ৷ পাৰ্চেলটোত মোৰ নাম, মোৰ ফোন নম্বৰ আৰু মোৰ ঠিকনা লিখা আছিল আৰু মই কিবা এটা কামত ব্যস্ত আছিলো সেয়ে মই ইমান এটা নাভাবিলো । কিন্তু পাৰ্চেলটো যেতিয়া মই খুলিলো তেতিয়া দেখিলো এয়া মই অৰ্ডাৰ দিয়া পাৰ্চেল নাছিল । গতিকে মই দেখি কিছু আচৰিত হ’লো ।