অসম

assam

ETV Bharat / entertainment

Dahaad Trailer: সোণাক্ষী সিনহাৰ ‘দহাদ’ৰ গাৰ নোম শিয়ঁৰি উঠা ট্ৰেইলাৰ মুকলি

‘দহাদ’ নামৰ ৱেব চিৰিজখনত সোণাক্ষী সিনহাই আৰক্ষী বিষয়া অঞ্জলি ভাটীৰ চৰিত্ৰত অভিনয় কৰিছে (Dahaad Trailer)। সোণাক্ষী সিনহাই এই ধাৰাবাহিকখনৰ জৰিয়তে অ’টিটিত আত্মপ্ৰকাশ কৰিব । ১২ মে’ৰ পৰা আমাজন প্ৰাইম ভিডিঅ’ত প্ৰচাৰ হ’ব এই ধাৰাবাহিকখন ।

Dahaad Trailer: 'Unstoppable' Sonakshi Sinha Chasing after 'Ruthless' Vijay Varma, watch now
দহাদৰ ট্ৰেইলাৰ মুকলি

By

Published : May 3, 2023, 7:03 PM IST

চিটাৰা ডেস্ক, 3 মে’: বলীউড অভিনেত্ৰী সোণাক্ষী সিনহাৰ অ’টিটিৰ প্ৰথম ধাৰাবাহিক ‘দহাদ’ৰ গাৰ নোম শিয়ঁৰি উঠা ট্ৰেইলাৰ মুকলি (Dahaad Trailer) । ধাৰাবাহিকখনৰ শক্তিশালী ট্ৰেইলাৰত দেখা গৈছে সোণাক্ষী সিনহাক আৰক্ষীৰ ইউনিফৰ্মত (Sonakshi Sinha) ।

ৰীমা কাগটি আৰু জোয়া আখতাৰৰ এই ধাৰাবাহিকখন পৰিচালনা কৰিছে ৰুচিকা ওবেৰয়ৰ সৈতে ৰীমা কাগটিয়ে (Reema Kagti) । ‘দহাদ’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে সোণাক্ষী সিনহা, বিজয় ভাৰ্মা, গুলচন দেৱাইয়া আৰু সোহুম শ্বাহে (Zoya Akhtar) । ১২ মে’ত প্ৰাইম ভিডিঅ’ত ২৪০ খনতকৈও অধিক দেশ আৰু টেৰিটৰীত ষ্ট্ৰীমিং হ’ব ‘দহাদ’ (Tiger Baby Productions) ।

'দহাদ'ৰ ট্ৰেইলাৰ মুকলি

‘দহাদ’ ৱেব ছিৰিজৰ ট্ৰেইলাৰৰ আৰম্ভণি হয় এক উত্তেজনাপূৰ্ণ পৰিৱেশত (Dahaad series) । স্থানীয় আৰক্ষী থানাত অঞ্জলি ভাটি আৰু সহযোগী আৰক্ষী বিষয়া মুক্তভাৱে ঘূৰি ফুৰা এজন অচিনাকি ছিৰিয়েল কিলাৰৰ সন্ধানত থকা দেখা গৈছে । অঞ্জলি ভাটিৰ চৰিত্ৰত অভিনয় কৰিছে সোণাক্ষী সিনহাই (Vijay Varma) । মহিলাৰ ৰহস্যজনক নিৰুদ্দেশ খবৰৰ পিচতে অপৰাধীক বিচাৰি উলিয়াবলৈ সূচনা আৰম্ভ কৰে সোণাক্ষী সিনহাই । অঞ্জলি ভাটিৰ হাতত আছিল অতি কম সময়, এগৰাকী নিৰীহ মহিলাৰ প্ৰাণ হেৰুওৱাৰ পূৰ্বেই প্ৰমাণ সংগ্ৰহ কৰি দোষীক ধৰিবলৈ চেষ্টা কৰে (Gulshan Devaiah)।

'দহাদ' সোণাক্ষীৰ বাবে বিশেষ

ছলমান খানৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰা সোণাক্ষী সিনহাই কয়, ‘মোৰ বাবে দহাদ আটাইতকৈ বিশেষ প্ৰজেক্ট । ইয়াৰ কাৰণ হ’ল ইয়াৰ জৰিয়তে মই কেৱল ষ্ট্ৰীমিংত আত্মপ্ৰকাশ কৰাই নহয়, ২০২৩ চনত বাৰ্লিনেল আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন ভাৰতীয় ধাৰাবাহিক হয় ।’

সোণাক্ষী সিনহাই লগতে কয়, ‘‘এতিয়ালৈকে মই অভিনয় কৰা সকলো চৰিত্ৰৰ ভিতৰত অঞ্জলি ভাটি আটাইতকৈ বেলেগ । ৰীমা আৰু জোয়াই এই চৰিত্ৰটোক শক্তিশালীভাৱে ৰচনা কৰিছে, যিয়ে আগন্তুক প্ৰজন্মৰ বাবে আদৰ্শ হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে ।’’

লগতে পঢ়ক:The Kerala Story: ‘৩২০০০ নহয় তিনিগৰাকী মহিলাৰ কাহিনী’, বিতৰ্কৰ মাজতে ছবিখনত বৃহৎ সালসলনি

ABOUT THE AUTHOR

...view details