অসম

assam

ETV Bharat / entertainment

Siddhaanth Vir Surryavanshi dies : কণ্ট্ৰল ৰুমৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু - কণ্ট্ৰল ৰুমৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশী

11 নৱেম্বৰত মুম্বাইস্থিত টেলিভিছন জগতৰ অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ মৃত্যু হয় । জানিব পৰা মতে, 46 বছৰীয়া অভিনেতাজনে জিমত ব্যায়াম কৰি থকাৰ মাজতেই বাগৰি পৰে (Siddhaanth Vir Surryavanshi)। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা চুপাৰ মডেল আলেছিয়া ৰাউত আৰু তেওঁলোকৰ দুই সন্তানক এৰি থৈ যায় ।

Siddhaanth Vir Surryavanshi
অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ 46 বছৰ বয়সত জিমত মৃত্যু ঘটে

By

Published : Nov 11, 2022, 4:05 PM IST

চিটাৰা ডেস্ক, 11 নৱেম্বৰ : অভিনেতা সিদ্ধান্ত বীৰ সূৰ্যবংশীৰ শুকুৰবাৰে 46 বছৰ বয়সত মৃত্যু হয় (Siddhaanth Vir Surryavanshi dies at 46)। এটা জিমত ৱৰ্কআউট কৰি থকাৰ সময়তে অভিনেতাজন মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে । তেখেতৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে টেলিভিছনৰ অভিনেতা তথা আয়োজক জয় ভানুশালীয়ে ।

অভিনেতা গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি ইনষ্টাগ্ৰামত জয় ভানুশালীয়ে সিদ্ধান্তৰ এখন ফটো পোষ্ট কৰি লিখে “বহুত সোনকালে গুচি গ’লা”। indianexpress.com ৰ সৈতে হোৱা কথা-বতৰাত জয়ে শ্বেয়াৰ কৰে যে তেওঁক এই মৃত্যুৰ বিষয়ে দুয়োৰে চিনাকি বন্ধুয়ে জনাইছিল । তেওঁ এইটোও নিশ্চিত কৰে যে সিদ্ধান্তে জিমত বাগৰি পৰাৰ পিছত মৃত্যু বৰণ কৰে (Siddhaanth Vir Surryavanshi passed away) ।

মডেলিঙৰ পৰা সিদ্ধান্ত বীৰ সূৰ্যবংশীয়ে কুছুমৰ সৈতে টেলিভিছন জগতত অভিষেক ঘটায় । শেষবাৰৰ বাবে তেওঁক আৰক্ষী ভিত্তিক নাটক কন্ট্ৰল ৰুমত ডিচিপি শান্তনু ব্যাসৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । বহু শ্ব’ত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে তেওঁ । Kasautii Zindagii Kay, Krishna Arjun, Kya Dill Mein Hai আদি অনুষ্ঠানত তেওঁক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল । টিভি শ্ব’কে ধৰি তেওঁৰ শেষৰ প্ৰজেক্টসমূহৰ ভিতৰত আছে Kyun Rishton Mein Katti Batti আৰু Ziddi Dil ।

মৃত্যুৰ সময়ত তেওঁ পত্নী তথা চুপাৰ মডেল আলেছিয়া ৰাউত আৰু তেওঁলোকৰ দুই সন্তানক এৰি থৈ যায় ।

লগতে পঢ়ক :KL Rahul Athiya Shetty: আথিয়া শেট্টীক কে এল ৰাহুলৰ বেড লাক আখ্যা নেটিজেনৰ

ABOUT THE AUTHOR

...view details