অসম

assam

ETV Bharat / entertainment

৩২ বছৰীয়া ষ্টেণ্ড আপ কমেডিয়ানৰ দেহাৱসান, কিছুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

Neel Nanda Passed Away: ভাৰতীয় মূলৰ বিখ্যাত কমেডিয়ান নীল নন্দা আৰু নাই । ৩২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ানগৰাকীয়ে ৷

Comedian Neel Nanda passes away at 32
ষ্টেণ্ড আপ কমেডিয়ান নীল নন্দা আৰু নাই

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 10:39 AM IST

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: জনপ্ৰিয় ষ্টেণ্ড আপ কমেডিয়ান নীল নন্দক লৈ আহিছে এক দুঃখবৰ । ৩২ বছৰ বয়সত বিশ্ববাসীৰ পৰা বিদায় লৈছে নীল নন্দাই । নীলৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব পৰা নাই তেওঁৰ অনুৰাগীসকলে । অৱশ্যে নীলৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰকাশ পোৱা নাই ।

৩২ বছৰ বয়সত মৃত্যু হয় নীল নন্দাৰ

নীলৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে তেওঁৰ মেনেজাৰ গ্ৰেগ ৱাইজে । ২৪ ডিচেম্বৰত এক বিবৃতিত মেনেজাৰজনে কয়, ‘‘১১ বছৰ মোৰ ক্লায়েণ্ট হৈ থকা নীল নন্দৰ মৃত্যু হোৱা বুলি ক’বলৈ পাই মই অতিশয় দুখী ।’’ উল্লেখনীয় যে, নীল ভাৰতীয় মূলৰ আছিল আৰু লছ এঞ্জেলছত বাস কৰিছিল । কমেডী কৰি ভাল পাইছিল নীলে, সেইবাবেই তেওঁ ইয়াক নিজৰ পেছা কৰি লৈছিল । তেওঁৰ কমেডী ভিডিঅ’বোৰ দৰ্শকে যথেষ্ট পছন্দ কৰিছিল ।

নীললৈ শ্ৰদ্ধাঞ্জলি অনুৰাগীৰ

নীলৰ মৃত্যুৰ খবৰ পাই শোক প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগী আৰু বন্ধু-বান্ধৱীসকলে ৷ ছ’চিয়েল মিডিয়াত নীলক শ্ৰদ্ধাঞ্জলি জনাই অনুৰাগী আৰু বন্ধু-বান্ধৱীসকলে । কমেডিয়ানগৰাকীৰ অনুৰাগীয়েও তেওঁৰ ভিডিঅ’ আৰু ফটো পোষ্ট কৰি তেওঁক স্মৰণ কৰিছে । বিভিন্ন কমেডী ক্লাব আৰু কমেডী জগতৰ বন্ধু-বান্ধৱীয়ে ছচিয়েল মিডিয়াত নন্দাক শ্ৰদ্ধাঞ্জলি জনায় ।

তেওঁৰ শেষৰ অভিনয়ৰ ফটো শ্বেয়াৰ কৰি এজনে লিখিছে - এই খবৰটোৱে মোক স্তম্ভিত কৰি তুলিছে । কমেডী জগতৰ আটাইতকৈ ইতিবাচক ব্যক্তি । আমাৰ সমাজৰ বাবে এয়া আটাইতকৈ ডাঙৰ ক্ষতি । আমাৰ মঞ্চ পোহৰাই তোলাৰ বাবে ধন্যবাদ । আপুনি বহুত সোনকালে গুচি গ’ল ।

উল্লেখ্য যে, ছ’চিয়েল মিডিয়াত নীল যথেষ্ট ভাইৰেল হৈ পৰিছিল । ১ লাখৰো অধিক লোকে তেওঁক ইনষ্টাগ্ৰামত ফ’ল’ কৰে । একে সময়তে নীলৰ নিজাকৈ ইউটিউব চেনেলো আছে, যাৰ বৰ্তমান মাত্ৰ ৭ হাজাৰ চাবস্ক্ৰাইবাৰ আছে । তেওঁ ষ্টেণ্ড আপ ভিডিঅ’বোৰ ইউটিউব চেনেলত আপলোড কৰিছিল ।

লগতে পঢ়ক:Year Ender 2023: সতীশ কৌশিকৰ পৰা জুনিয়ৰ মেহমুদলৈকে, চলিত বৰ্ষত আমি কাক কাক হেৰুৱালো. .

ABOUT THE AUTHOR

...view details