চিটাৰা ডেস্ক, 25 অক্টোবৰ :বলীউড অভিনেত্ৰী সুস্মিতা সেনৰ ভায়েক ৰাজীৱ সেন আৰু চাৰু অচোপাৰ মাজৰ সম্পৰ্কত পুনৰ ফাঁট মেলিছে । দুয়োকে লৈ বিচ্ছেদৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে একেলগে গণেশ চতুৰ্থী উদযাপন কৰি সকলোকে আচৰিত কৰি তুলিছিল দুয়োৱে ৷ কিন্তু তাৰ পিছৰে পৰাই পুনৰ প্ৰচাৰ হৈছিল দুয়োৰে কাজিয়াৰ বাতৰি ৷ এতিয়া শেহতীয়া খবৰ অনুসৰি চাৰুৱে অতি সোনকালে ৰাজীৱৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে (Charu Asopa and Rajeev Sen latest news) । চাৰু আৰু ৰাজীৱে ইজনে সিজনক দ্বিতীয়বাৰৰ বাবে সুযোগ দিছিল যদিও তেওঁলোকৰ সিদ্ধান্ত সফল নহ’ল আৰু এতিয়া এই দম্পতীয়ে বিবাহ বিচ্ছেদ কৰাৰ সিদ্ধান্ত লৈছে ।
ৰাজীৱ আৰু চাৰুৰ বিবাহ 2019 চনত হৈছিল আৰু দুয়োৰে এগৰাকী কন্যা সন্তানো আছে । বিয়াৰ পিছৰে পৰা দুয়োৰে মাজত বহু কথাতে কথাৰ কটাকটি চলি আছে আৰু এতিয়া এই সম্পৰ্কটোৰ ভাৰসাম্য ৰক্ষা কৰিব পৰা নাই তেওঁলোকে । যদিও দম্পতীহালে সম্পৰ্ক বজাই ৰখাৰ বাবে প্ৰচেষ্টা হাতত লৈছিল, কিন্তু তেওঁলোক সফল নহ’ল ৷ সেয়ে চাৰুৱে ৰাজীৱৰ পৰা বিবাহ বিচ্ছেদ বিচাৰি আবেদন কৰিছে ।
এটা সাক্ষাৎকাৰত চাৰুৱে কৈছে, ‘কোনেও ইচ্ছাকৃতভাৱে সম্পৰ্ক শেষ কৰিব নিবিচাৰে, মই মোৰ সিদ্ধান্তৰ বাবে আক্ষেপ নকৰো ৷ যদিও মই বিবাহ বচাবলৈ বহু কৌশল গ্ৰহণ কৰিছো, কিন্তু এনে লাগে যেন আমি ইজনে সিজনৰ বাবে নিৰ্মিত নহয়, কাৰণ এইখন মোৰ দ্বিতীয় বিবাহ আছিল, এই সকলোবোৰত মোৰ ঠাট্টা চলি আছে" ৷
সম্পৰ্কটো কিয় স্থায়ী হ’ব নোৱাৰে?