অসম

assam

Notice to Smriti Irani's doughter: অবৈধ বাৰ লাইচেন্স থকাৰ অভিযোগত স্মৃতি ইৰাণীৰ কন্যাৰ ৰেষ্টুৰেণ্টলৈ জাননী

By

Published : Jul 23, 2022, 2:13 PM IST

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যালৈ জাৰি কৰা হৈছে আইনী জাননী (Smriti Irani daughter) । অবৈধভাৱে বাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ।

cabinet minister
কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণীৰ কন্যাৰ ৰেষ্টুৰেণ্টলৈ জাননী

চিটাৰা ডেস্ক, 23 জুলাই : কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন অভিনেত্ৰী স্মৃতি ইৰাণী পুনৰ চৰ্চালৈ আহিছে (Smriti Irani news) । পিছে এইবাৰ লাইমলাইটলৈ তেওঁৰ কৰ্মৰ বাবে অহা নাই বৰঞ্চ আহিছে তেওঁৰ কন্যা জয়শ ইৰাণীৰ বাবেহে । দৰাচলতে স্মৃতিৰ জীয়েকে গোৱাত চিলি ছ’ল নামৰ এখন কেফে বাৰ এটা চলাই আছে । কেফেখনত অবৈধভাৱে বাৰ চলোৱাৰ অভিযোগত আবকাৰী আয়ুক্তই জাননী পঠিয়াইছে তেওঁলৈ । কেফেখনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে য'ত কোৱা হৈছে যে যিজন ব্যক্তিৰ নামত বাৰখন চলাই থকা হৈছে বিগত বছৰত তেওঁৰ মৃত্যু ঘটিছে ।

এই বিষয়টো তেতিয়া পোহৰলৈ আহিছিল যেতিয়া যোৱা মাহত বাৰৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰা হৈছিল । লগতে জাননীখনত এইটোও কোৱা হৈছে যে আবেদনখনত অনুজ্ঞাপত্ৰধাৰীৰ নহয়, আন কোনোবা ব্যক্তিৰহে স্বাক্ষৰ পোৱা গৈছে । এনে অৱস্থাত স্মৃতিৰ কন্যাৰ ওপৰত অনুজ্ঞাপত্ৰ আৰু নথি-পত্ৰ সন্দৰ্ভত জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে ।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, এই সমগ্ৰ বিষয়টোৰ শুনানি ২৯ জুলাইত হ’ব । প্ৰাপ্ত তথ্য মতে অনুজ্ঞাপত্ৰ নবীকৰণৰ আবেদন ২০২২ চনৰ ২২ জুনত এন্থনী ডিগাম নামেৰে কৰা হৈছিল ৷ ৰেকৰ্ড অনুসৰি ২০২১ চনৰ মে’ মাহত এই ব্যক্তিজনৰ মৃত্যু ঘটিছিল ।

জানিবলৈ পোৱা মতে অভিযোগ কৰা অধিবক্তা ৰড্ৰিগেছে এই গোচৰটোত আৰটিআইৰ জৰিয়তে নথি-পত্ৰ জাৰি কৰিছে । অধিবক্তাজনে কয় যে আবকাৰী বিষয়া আৰু স্থানীয় পঞ্চায়তৰ সৈতে মিলি মন্ত্ৰীৰ কন্যা আৰু পৰিয়ালে কৰা ঠগ-প্ৰৱঞ্চনাৰ বিষয়ে সকলোকে জনাব লাগে । অধিবক্তাজনে লগতে এইদৰেও কয় যে আবকাৰী নিয়ম অনুসৰি বাৰৰ অনুজ্ঞাপত্ৰ কেৱল বাৰ বা ৰেষ্টুৰেণ্টৰ মালিককহে প্ৰদান কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন অভিনেত্ৰী স্মৃতি ইৰাণী দুটা সন্তানৰ মাতৃ । শেহতীয়াকৈ স্মৃতিৰ পুত্ৰ জোহৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছে । স্মৃতিয়ে পুত্ৰৰ সমাৱৰ্তন অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰো কৰিছিল ।

স্মৃতিৰ সৰু পৰ্দাৰ কামৰ বিষয়ে ক’বলৈ গ’লে টিভি কুইন একতা কাপুৰৰ ধাৰাবাহিক ‘কিউকী সাস ভি কভি বহু থী’ত তুলসীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল ।

লগতে পঢ়ক :R Madhavan new film : OTT ত মুক্তি পাব আৰ মাধৱনৰ ‘ৰকেটৰী: দ্য নাম্বি ইফেক্ট’

ABOUT THE AUTHOR

...view details