চিটাৰা ডেস্ক, 6 অক্টোবৰ : বিগবছ 16 আৰম্ভণিতেই এইবাৰ বিতৰ্কৰ মাজত ৷ এজন প্ৰতিযোগীক লৈ চাৰিওফালে চলিছে বিৰোধিতা ৷ চলচ্চিত্ৰ নিৰ্মাতা ছাজিদ খানে শ্ব’টোত প্ৰৱেশ কৰাক লৈ বহুতে অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ বিগবছ অটিটি ফেম উৰ্ফী জাভেদে মাত মাতিছে ছাজিদ খানৰ এণ্ট্ৰিকলৈ ৷
উৰ্ফীয়ে কয়, "বিগ বছ', আপুনি এনেকুৱা কিয় কৰিব ? আপুনি যেতিয়া যৌন চিকাৰীক সমৰ্থন কৰে, আপুনি প্ৰকৃততে তেওঁলোকক এইটো জনাইছে যে তেওঁলোকে যি কৰিছে সেয়া ঠিক কৰিছে । এই সকল পুৰুষে জানিব লাগিব যে তেওঁলোকে যি কৰিছে সেইয়া ঠিক নহয় আৰু তেওঁলোকে ইয়াৰ পৰা হাত সাৰি যাব নোৱাৰে । যৌন চিকাৰীৰ সৈতে কাম কৰা বন্ধ কৰক ! এইটো বিতৰ্কিত নহয়, ই লাঞ্ছনাজনক" ৷
2018 চনত অভিনেত্ৰী মন্দনা কৰিমীকে ধৰি ছাজিদৰ কেইবাগৰাকী মহিলা সহকৰ্মীয়ে তেওঁৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু তেওঁৰ বিৰুদ্ধে #MeToo অভিযানত অংশ লৈছিল । ইয়াৰ ফলত তেওঁ 'হাউচফুল 4'ৰ সঞ্চালকৰ পদ ত্যাগ কৰিছিল ।